
চৰাইদেউঃ হিন্দী বোলছবিৰ কায়দাৰে ধন ঘটাৰ চেষ্টা অব্যাহত আছে একাংশ যুৱকৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাংশ যুৱকে অনৈতিক কাম কাজত লিপ্ত হৈ সহজে ধন ঘটাৰ চেষ্টা কৰাৰ খবৰ লসময়ে সময়ে প্ৰকাশ হৈ আহিছে৷ অতি কম সময়ৰ ভিতৰত বক্ৰ পথেৰে ধন ঘটাৰ চেষ্টা কৰি নিজৰ জীৱন আৰু যৌৱনত দাগ লগাই লয়৷ বিভিন্ন কৌশলেৰে আৰু কম সময়ত বেছি ধন ঘটিবলৈ অপাৰ চেষ্টা চলাই জালত পৰিল এজন যুৱক।
উজনি অসমৰ চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাত শুকুৰবাৰে নিশা বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ নামত ধনদাবী কৰি নামতোলা আৰক্ষীৰ জালত পৰে যুৱকজন। নামতোলা অঞ্চলৰ অশোক সিং নামৰ এজন ব্যৱসায়ীজনক আলফা (স্বাধীন)ৰ সদস্য বুলি চিনাকি দি-৭৩৫৬৭৭১৭৯০ নম্বৰ যোগে ৫০,০০০ টকা দাবী কৰে। দাবী কৰা ধন নিদিলে সোণাৰিত স্কুললৈ অহা-যোৱা কৰা ব্যৱসায়ী অশোকৰ সন্তানক অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰে।
ব্যৱসায়ীগৰাকীয়ে লগে লগে নামতোলা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে। নামতোলা আৰক্ষীয়ে মোবাইল নম্বৰ ট্ৰেক কৰি ধনদাবী কৰা লোকজন ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ২নং গন্ধীয়া গাঁৱৰ ফনীধৰ বৰাৰ পুত্ৰ অচিনী বৰা ওৰফে প্ৰবীণ বৰা(২৮) বুলি চিনাক্ত কৰে৷ নিশাই আর৭ীয়ে যুৱকজনক জালৰ পেলাবলৈ অভিযান চলাই ডিব্ৰুগড়ত৷ অচিনী বৰাক নিজ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰি সন্দেহজনক আলফা সদস্যজনক সোধ-পোছ অব্যাহত ৰাখিছে। জানিব পৰা মতে, যোৱা ৪ ডিচেম্বৰত নামতোলা অঞ্চলৰ সুখেন্দ দে'কো ৫০,০০০ টকা দাবী কৰিছিল অচিনীয়ে।