কাকপথাৰঃ সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফাৰ বহু উত্থান-পতনৰ সাক্ষী বিদ্ৰোহী সংগঠনটোৰ বাবে জীৱন-যৌৱন সমৰ্পন কৰা মামা এতিয়া ইতিহাস হ’ল৷ ১৯৭৯ চনৰ সাত এপ্ৰিলত হাঁহ বলি দি আলফাক জন্ম দিয়া সকলৰ ভিতৰত মামা অন্যতম৷ আলোচনাৰ নামত শীত-তাপ নিয়ন্ত্ৰিত ঘৰ-গাড়ীত বিলাসী জীৱন কটোৱাসকলৰ বাবে এতিয়া অতীত হৈ পৰিছে মামা৷ 

আলফাৰ সংগ্ৰামী ইতিহাসৰ তিতা-কেঁহা অধ্যায় উনুকিয়ালে যিটো নাম অস্বীকাৰ কৰিব নোৱাৰি সেইটো নামটোৱেই হৈছে আলফাৰ মামা ভীমকান্ত বুঢ়াগোহাইৰ নাম। সুদীৰ্ঘ ত্ৰিশ বছৰৰো অধিক কাল হাবি-বননিয়ে ঘূৰি ফুৰি স্বাধীন অসমৰ বাবে সসস্ত্ৰ সংগ্রামৰ নেতৃত্ব দিয়া এই গৰাকী সংগ্ৰামী মৃত্যুৰ পিছত যেন এলাগী হৈ পৰিল সংগী তথা একালত মামাৰ আদৰ্শ মানি চলা সকলৰ বাবে। 

ত্ৰিছটাকৈ বছৰ সংগ্রামত ব্ৰতী হৈ কাৰাগৰত থাকি মাত্ৰ কেইদিনমান ধলা আহোম গাঁৱৰ নিজ গৃহত দিন অতিবাহিত কৰি ২০১১ বৰ্ষত স্বৰ্গগামী হয়। মামাৰ জীৱিত কালত আলফা নেতা, দল-সংগঠনৰ নেতা, ৰাজনৈতিক নেতা আদি লোকৰ প্ৰতিদিনে সমাগম ঘটিছিল আহোম গাঁৱৰ বাসগৃহলৈ৷ কিন্তু মৃত্যুৰ পাছত কাৰোৰে খবৰ লবলৈ আহৰি নাই।

নিজে দালান সাজি বিলাসী জীৱন কটোৱা নিজক লৈয়ে ভীষণভাৱে ব্যস্ত একালৰ সতীৰ্থসকলৰ  আজিলৈকে এবাৰো মামাৰ বিশেষ ঘৰটো সংৰক্ষণৰ কথা মনলৈকে নাহিল। ফলত সংৰক্ষণৰ অভাৱত হাবি-জংঘলেৰে পৰিপূৰ্ণ হৈ বহু গ্ৰন্থ আদি ঠাহ খাই থকা মামাৰ ঘৰটো এতিয়া একপ্ৰকাৰ  এৰাবাৰীত পৰিণত হৈ পৰিছে। পৰিয়ালৰ লোকসকলৰ লগতে গাঁওবাসীয়ে মামাৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত সতীৰ্থসকলক গৃহটো সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে।