
চৰাইদেউঃ অসম-নাগালেণ্ড সীমান্তত নগাৰ দপদপনি তথা দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে আৰক্ষীৰ অভিযানত জালত পৰিল আলফা স্বাধীনৰ এগৰাকী কেডাৰ৷ বিভিন্ন ৰোগত আক্ৰান্ত কেডাৰগৰাকীয়ে চিকিৎসা কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে৷
চৰাইদেউ জিলাৰ সাপেখাতীত মঙলবাৰে ব্যাপক অভিযান চলাই আলফা(স্বাধীন)ৰ দুধৰ্ষ কেডাৰ দেৱজিৎ গগৈ ওৰফে পুতুল অসমক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। গোপন খবৰৰ ভিত্তিত যোৱা কেইবাটাও দিন ধৰি আৰক্ষীয়ে অসামৰিক পোছাকত গোপনে অভিযান অব্যাহত ৰাখিছিল৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি উজনি অসমৰ তেল আৰু গেছ পৰিবাহী পাইপত বিস্ফোৰণ সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল পুতুল অসমে সাপেখাতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে।
অসামৰিক পোছাকত খাপ পিটি থকা আৰক্ষীৰ লোকে আলফা সদস্যজনক আটক কৰে। ধৃত আলফা(স্বাধীন)ৰ সদস্য জনৰ ঘৰ চৰাইদেউ জিলাৰ ১ নং হাওঁফাওঁ গাঁৱত। শাৰীৰিক অসুস্থতাৰ বাবে সীমান্তত থিতাপি লৈ চিকিৎসা কৰাৰ যোজা চলাই আহিছিল তেও। এই খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ আৰক্ষীয়ে সদস্যজনে অস্ত্ৰ লৈ এহাৰ সন্দেহ কৰিছে৷ জংঘলত অস্ত্ৰ থৈ অহাৰ সন্দেহ কৰি অসম-অৰুণাচল সীমান্তত অঞ্চলত অভিযান চলাই।