ডিজিটেল ৰিপ'ৰ্টঃ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ৰাজ্যত প্ৰায় ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে৷ মেৰামতিৰ অভাৱত বানত জমা হোৱা পানীত তাঁৰ ছিঙি, পথত তাঁৰ ছিঙি পৰি থকাৰ ফলত ছাত্ৰ-ছাত্ৰী, নৱবিবাহিত দম্পতিসহ বহু লোকে অকালতে মৃত্যুক আকোৱালি লৈছে৷

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

বিভাগটোৰ চৰম গাফিলতিৰ বাবে ৰাজ্যৰ উজনি-নামনিৰ লোকসকলে অকালতে প্ৰাণ হেৰুওৱা স্বত্বেও বিভাগীয় মন্ত্ৰী পল্লৱলোচন দাসে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ যাৰ বাবে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ কৰিব লগা হৈছিল৷

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

সতীৰ্থ মন্ত্ৰীয়ে শিক্ষকক তুচ্ছ-তাচ্ছিল্য কৰি থকা দৃশ্য উপভোগ কৰি হাঁহি হাঁহি ভাগৰি পৰা পল্লৱক এইবাৰ উভতি ধৰিছে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) চমুকৈ আলফা স্বাধীনে৷ সংগঠনটোৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা সভাপতি ড০ অভিজিত অসম স্বাক্ষৰিত এক বিবৃতি যোগে ভাৰতীয় ঔপনিৱেশিক শাসক গোষ্ঠীৰ ভৃত্য আখ্যা দি শক্তি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নাগৰিক মৃত্যুমুখত পৰাৰ পাছতো নিজৰ অকৰ্মণ্যতাৰ কথা স্বীকাৰ নকৰা বুলি কয়৷

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

বিভাগীয় চকী খামোচ মাৰি ধৰি থকা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি কোৱাৰ লগতে ধাৰাবাহিকভাৱে মানুহ মৰাৰ পাছতো সংবাদ মাধ্যমৰ আগত হাঁহি থকা কাৰ্যই ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে চৰম অপমানজনক ঘটনা আৰু ডাঙৰ অপৰাধ আখ্যা দিয়ে আলফা স্বাধীনে।

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

আনহাতে পৰ্যটনৰ বিকাশৰ নামত কোটি কোটি টকা শৰাধ কৰি বোলছবি জগতৰ অভিনেত্ৰীৰ দ্বাৰা অভিনীত বিজ্ঞাপনৰ যোগেদি পৰ্যটকক বাঁহৰ খুটাৰে সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰ আৰু বিতৰণৰ ব্যৱস্থা দেখুওৱা প্ৰয়োজন বুলি আট্টহাস্য কৰে বিদ্ৰোহী সংগঠনটোৱে।

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

অসমৰ নাগৰিকে বিদ্যুৎ বিভাগৰ মৃত্যুদূত সদৃশ ধাৰ ধকা তৰোৱালখনৰ ওপৰত থিয় দি থকা প্ৰকৃত পটভূমিৰ ছবিখন পৰ্যটকে দেখা পাব বুলি কটাক্ষ কৰে মন্ত্ৰী পল্লৱক৷ আলফা স্বাধীনে বিবৃতিটোত অসমৰ ডেকা বিজ্ঞানীসকলেও কেৱল বিভাগীয় বিষয়াৰ আসন শুৱনি কৰাৰ বাদে বিদ্যুৎ শক্তিৰ দৰে বিপজ্জনক শক্তিক নিয়ন্ত্ৰণৰ ব্যৱস্থা আজিকোপতি কৰা পৰলক্ষিত হোৱা নাই বুলিও বিভাগৰ বিষয়া-অভিযন্তাক উভতি ধৰে৷

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

অসমৰ চাহ আৰু খাৰুৱা তেলৰ বাবদ বৃহৎ পৰিমাণৰ ধন ভাৰতীয় দখলদাৰী বাহিনীয়ে লাভ কৰে আৰু এই লাভংশৰে মামৰে নধৰা ধাতুৰ খুঁটা আৰু এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰি সমগ্ৰ অসমখনকে নিৰাপদ কৰি ৰাখিব পাৰে বুলি উল্লেখ কৰে সংগঠনটোৱে৷ অৱশ্যে ভাৰতীয় দখলদাৰী বাহিনীৰ পৰা তেনে আশা সপোনতো সম্ভৱ নহয় বুলি ক্ষোভ উজাৰে৷

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

অসমৰ থলগিৰি মানুহক সাম্ভাব্য বিপদৰ পৰা হাত সাৰিবলৈ সৌৰশক্তি, ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প, নাহৰতেল, কেৰাচিন জৰিয়তে পোহৰৰ ব্যৱস্থা কৰিবলৈ সভাপতিগৰাকীয়ে আহ্বান জনায়৷ ইয়াৰ লগতে বিদ্যুৎ শক্তিৰ বিষয়ে অসমৰ ৰাইজে সহজে বুজিব পৰাকৈ কেইবাটাও ৱেবছাইটৰ লিংক বিবৃতিযোগে প্ৰেৰণ কৰে সংগঠনটোৱে। তলত এই লিংককেইটা উল্লেখ কৰা হ'ল।

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

https://www.eia.gov/Energyexplained/index.cfm?page=electricity_delivery

https://www.youtube.com/watch?v=hg70clk2R-A

https://www.ripublication.com/ijmer_spl/ijmaerv5n1spl_06.pdf

http://tatapower-ddl.com/UploadedFiles/108_441_2009_7_18_10_39_78.pdf

https://www.abb-conversations.com/2017/07/improving-power-transmission-a...
in-indias-densely-populated-c it ies/

https://www.eia.gov/Energyexplained/index.cfm?page=electricity_delivery

CLICK ► নগাঁও কাণ্ডৰ বাবে অসমীয়াকে দোষাৰোপ সৰ্বা চৰকাৰৰ

এই লিংককেইটা ক্লিক কৰি উক্ত ৱেবছাইটত প্ৰকাশিত লেখা আৰু আলোচনা পঢ়ি অসমৰ ৰাইজে বিদ্যুৎ শক্তিৰ বিষয়ে বহু নজনা কথা জানিব পাৰিব বুলি দাবী কৰে আলফা স্বাধীনে। বিভাগীয় বিষয়া-কৰ্মচাৰী তথা সাধাৰণ বিদ্যুৎ কৰ্মীসকলেও এই লিংক ক্লিক কৰি পঢ়ি আৰু ভিডিঅ' চাই বিদ্যুৎ পৰিবহণ আৰু বিতৰণৰ বিষয়ে বহু কথা জানিব পাৰিব বুলি বিবৃতিটোত আশা প্ৰকাশ কৰিছে সংগঠনটোৱে।