24
Nov
2018

গুৱাহাটীঃ বৃহস্পতিবাৰে বিয়লি শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে৷
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ই-মেলত সংগঠনটোৱে ডিমৌৰ নিতাইপুখুৰীৰ হনুমান হাৰ্ডৱেৰ নামৰ দোকানখনৰ ভিতৰত সংঘটিত বিস্ফোৰণটোৰ দায়িত্ব স্বীকাৰ কৰি বিস্ফোৰণত নিহত সকলৰ বাবে দুখ প্ৰকাশ কৰে৷ একেটা ই-মেইলতে সংগঠনটোৱে কিছুদিন পূৰ্বে ধলাত পাঁচজনকৈ ভাষিক সংখ্যালঘূ হত্যা কৰা ঘটনাৰ সৈতে আলফা স্বাধীন জড়িত নাই বুলি পুনৰবাৰ স্পষ্ট কৰি দিয়ে৷
উল্লেখ্য যে, ডিমৌৰ বিস্ফোৰণত অৰিয়া গুপ্তা (৪৬) আৰু কমল আগৰৱালা (৪৬) নামৰ দুজন লোকৰ মৃত্যু হৈছিল৷ মন কৰিবলগীয়া যে, এই বিস্ফোৰণ আলফাই সংঘটিত কৰা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰাত সমগ্ৰ বিষয়টো ৰহস্যঘন হৈ পৰিছিল৷ কিন্তু আজি আলফাই এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি আৰক্ষীৰ ভাষ্যকে নস্যাৎ কৰিলে৷