তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী শ্ৰী শ্ৰী গোপাল মন্দিৰ প্ৰাঙ্গনত অহা ১৮, ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীত চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্যক্ৰমণিকাৰে উলুবাৰী শ্ৰী শ্ৰী গোপাল সবাহ উদযাপন কৰা হ’ব৷ ইতিমধ্য বাবুল ৰাভাক সভাপতি আৰু নৰেশ্বৰ ৰাভাক সম্পাদক হিচাপে লৈ এখন পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে। 

কাৰ্যসুচী অনুসৰি ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ছয় বজাত সবাহৰ মুখ্য দ্বাৰ মুকলি কৰিব ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে। মন্দিৰৰ দ্বাৰ মুকলি কৰিব মন্দিৰ পৰিচালনা সমিতিৰ স্থায়ী সভাপতি বাবু ৰাম শৰণীয়াই। বন্তি প্ৰজ্বলন কৰিব ক্ৰমে উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক অভিৰাম দাস, তামুলপুৰ সমাজ কল্যাণ বিভাগৰ নিম্ন বৰ্গৰ সহায়ক দেবেন দাস, মন্দিৰ পৰিচিালনা সমিতিৰ প্ৰাক্তন সম্পাদক কবিন দাস, পানীৰাম ৰাভা আৰু হৰেশ্বৰ শৰণীয়াই।  মঞ্চ উদ্বোধন কৰিব কেন্দ্ৰীয় যুৱ বি পি এফৰ সাধাৰণ সম্পাদক  সোমনাথ বসুমতাৰীয়ে।  

আনহাতে, নিশা আঠ বজাত সাংস্ক‌‌তিক সন্ধিয়া অনুষ্ঠান উদ্বোধন কৰিব ৫ নং তামুলপুৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীয়ে। ১৯ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা সাত বজাত শাস্ত্ৰ পাঠ কৰিব সনাতন দাসে। পুৱা আঠ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব পুজা পৰিচালনা সমিতিৰ সভাপতি বাবুল ৰাভাই। স্মৃতি তৰ্পণ কৰিব উলুবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক কম্পৰাম দাসে। বৃক্ষৰোপন কৰিব ক্ৰমে উলুবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰেন কলিতা, নতুন হাউলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপম ৰাভা, এক নং বানগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ দাস, উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উমেশ তালুকদাৰ, আৰু পাছ নং তামুলপুৰ ভি চি ডি চিৰ অধ্যক্ষা অণিমা শৰণীয়াই।

দিনৰ এক বজাত ছোৱালীৰ নাগাৰা নাম উদ্বোধন কৰিব সমাজ কৰ্মী কমল উজীৰে। সন্ধিয়া সাত বজাত ৰুপৰাজ থিয়েটাৰৰ নাট প্ৰদৰ্শন উদ্বোধন কৰিব শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ দীপক ডেকাই। ২০ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা সাত বজাত শাস্ত্ৰ পাঠ কৰিব বীৰেন ৰাভা ওৰফে শ্ৰীমত ব্ৰজনন্দন আচাৰ্যই। দিনৰ এক বজাত নাগাৰা নাম উদ্বোধন কৰিব পাচ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। 

সন্ধিয়া পাঁচ বজাত সাংস্কতিক সন্ধিয়া সাত বজাত ৰুপৰাজ থিয়েটাৰৰ নাট প্ৰদৰ্শন কৰা হ’ব। ২১ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা সাত বজাত  শাস্ত্ৰ পাঠ কৰিব সোণেশ্বৰ দাসে, দিনৰ এক বজাত সম্বৰ্ধনা অনুস্থান, দেৰ বজাত ক‌িষ্টি প্ৰদৰ্শন উদ্বোধন কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়োই, সন্ধিয়া পাচ বজাত সাংস্কতিক সন্ধিয়া, সাত বজাত ৰুপৰাজ থিয়েটাৰৰ নাট প্ৰদৰ্শন। সকলো কাৰ্যসুচিতে ৰাইজৰ উপস্থিত কামনা কৰিছে উক্তাসকলে।