♦ গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালক প্ৰশ্ন, "জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি কি হ'ল?"

গুৱাহাটীঃ চৌদিশে ক্ষোভ। বাৰে বাৰে প্ৰতাৰিত অসমীয়া আকৌ প্ৰতাৰিত হ'বলৈ ওলাইছে। কেন্দ্ৰৰ বি জে পি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি ৰাজনৈতিক মুনফা আদায় কৰিবলৈ বদ্ধ পৰিকৰ হৈছে।

মোডী ঢৌ শৃংগত থকাৰ সময়তো চুবুৰীয়া পশ্চিমবংগত বি জে পিয়ে ৰাজ্যখনত নিজৰ স্থিতি মজবুত কৰিব নোৱাৰি এতিয়া আগন্তুক লোকসভা নিৰ্বাচনত বাঙালীৰ মন জয় কৰাৰ কৌশলেৰে গেৰুৱা দলটোৱে এতিয়া শেষ অস্ত্ৰ হিচাৰে নাগৰিকত্ব সংশোধনী বিধেয়ককে বাছি লৈছে। 

শেহতীয়াকৈ হিন্দী বেল্টৰ মূল তিনি ৰাজ্যত পৰাজিত হোৱা বি জে পিয়ে এতিয়া দৃষ্টি দিছে পশ্চম বংগৰ লোকসভা আসনকেইখনত। এই ৰাজনৈতিক অভিলাস পূৰণ কৰিবলৈ গৈ দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসীয়ে কৰি অহা প্ৰতিবাদক মুঠও কৰ্ণপাত কৰা নাই।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শ শ খিলঞ্জীয়া সংগঠনে কৰা গণতান্ত্ৰিক আন্দোলন এতিয়া অৰণ্য ৰোদনতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে।

আৰ এছ এছৰ 'হিডেন এজেণ্ডা'ৰে পৰিচালিত হোৱা ৰাজ্যৰ বি জে পি চৰকাৰ যেন এতিয়া জনতাৰ ক্ষোভ অনুধাৱন কৰিও একো কৰিব নোৱাৰা এক অসহায় জড়-যন্ত্ৰ। 

ইফালে জাতিপ্ৰেমী-ভাষাপ্ৰেমী অসমীয়াৰ ক্ষোভ ক্ষণেপ্ৰতি বাঢ়ি গৈ আছে। এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আমৰণ অনশন, ধৰ্ণা, পুত্তলিকা দাহ আৰু অসম বন্ধৰ জৰিয়তে।

একাংশ নৱ-প্ৰজন্মৰ যুৱকে বি জে পিৰ দৰে ৰাজনৈতিক দলৰ অসমবিৰোধী কাৰ্য-কলাপ দেখি ভাৰতৰ সুন্দৰ সাংবিধানিক ব্যৱস্থাটোৰ প্ৰতিয়েই মোহভংগ হৈ নিষিদ্ধ ঘেষিত সংগঠন আলফালৈ যোৱা বুলি অভিযোগ উঠিছে।

এই ক্ষোভৰ বহিঃপ্ৰকাশ আৰু কেনেদৰে হ'ব পাৰে বাৰু? এই খং-ক্ষোভ এক অভিনৱ পন্থাৰে প্ৰকাশ কৰিছে চৰাইদেউ জিলাৰ লংপতীয়াৰ উমেশ বৰগোঁহায়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁৰ মনত জাগি উঠা খং-ক্ষোভবোৰ হ্ৰাস কৰিলে শাৰীৰিক শক্তি ব্যয় কৰি। 

এইজন অসমীয়া ডেকাই ১০ দিনত ৫২৫ কিল'মিটাৰ পথ দৌৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী দৌৰৰ অন্তত শুকুৰবাৰে তেওঁ গুৱাহাটীত উপস্থিত হৈ একালৰ জাতীয় নায়ক হিচাপে পৰিচিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশ্ন কৰে, "জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি কি হ'ল?"  

সঁচা কথা, এয়া যেন দৌৰ নহয়… ক্ষোভৰ বহিঃপ্ৰকাশৰ যেন এক পন্থা। হাজাৰজন উমেশে এনেদৰে ক্ষোভে উজাৰিলে কি ৰূপ লয় সেয়া সময় থাকোতেই সকলো পক্ষই অনুধাৱন কৰিলে সকলোৰে মংগল।