ধিংঃ মংগলবাৰে পুৱাই কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৃষ্টি হয় এক অনাহুত পৰিস্থিতিৰ৷ বিদ্যালয়ৰ নিৰ্দ্ধাৰিত সময়তকৈ পলমকৈ উপস্থিত হোৱা একাংশ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত প্ৰৱেশত বাৰণ কৰে বিদ্যালয় কৰ্তৃপক্ষই৷ তাৰ পাছতেই আজিৰ দিনটোৰ বাবে বহিস্কৃত ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ আশে-পাশে অনাই-বনাই ঘূৰি ফুৰা পৰিলক্ষিত হয়৷

আনহাতে নিৰ্দ্ধাৰিত সময়তকৈ যথেষ্ঠ পলমকৈ উপস্থিত হোৱা একাংশ শিক্ষক-শিক্ষয়িত্ৰীক বিদ্যালয়ত প্ৰৱেশ কৰিব দিয়াক লৈ ক্ষুব্ধ হৈ উঠে একাংশ স্থানীয় ৰাইজ৷ এখন বিদ্যালয়তে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ বাবে সুকীয়া সুকীয়া নিয়ম প্ৰৱৰ্তনকলৈ চকু কপালত উঠিছে স্থানীয় ৰাইজৰ৷

একেখন বিদ্যালয়তে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ বাবে সুকীয়া সুকীয়া এই নিয়ম। পূৰ্বেও শিক্ষক-শিক্ষয়িত্ৰী পলমকৈ অহাৰ অভিযোগ থকা এই বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিব স্থানীয় সচেতন ৰাইজে৷