27
Jun
2019

মৰিয়নীঃ আজি ৰাতিপুৱা নকচাৰী ৰেল ষ্টেচনৰ সমীপত এটা অচিনাক্ত লোকৰ ৰক্তাক্ত মৃতদেহ দেখিবলৈ পোৱা যায়। ঘটনাৰ খৱৰ লাভ কৰিয়েই নকছাৰী ষ্টেচনৰ ষ্টেচনমাষ্টৰে ৰেল আৰক্ষী অৱগত কৰে। ঘটনাস্থলীত মৰিয়নী ৰেল আৰক্ষীৰ ভাৰাপ্ৰাপ্ত বিষয়া বীৰেন কলিতা উপস্থিত হৈ মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে লোকজনৰ মৃত্যু ৰেলৰ পৰা পৰি হোৱা বুলি সন্দেহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।