
তুলসীবাৰীঃ নলবাৰী জিলাৰ টিহুৰ নাথকুছিত শনিবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অমিত কলিতাই সাৱটি লোৱা অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাতৃ সংগঠন কলিতা জনগোষ্ঠী সন্মিলন (অসম) আৰু কলিতা সাহিত্য সভাই৷
সংবাদ মাধ্যমলৈ পৃথকে প্ৰেৰণ কৰা বিবৃতিযোগে কলিতা জনগোষ্ঠী সন্মিলন (অসম) ৰ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে বলিষ্ঠ নেতৃত্বৰে সংগঠনটোৰ স্থিতি সুদৃঢ় কৰা অমিত কলিতাৰ আকস্মিক বিয়োগ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে৷
আনহাতে কলিতা সাহিত্য সভাৰ উপদেষ্টা তথা বিশিষ্ট নিবন্ধকাৰ বিজু সেনাপতিয়ে অমিত কলিতাৰ আকস্মিক বিয়োগত শোক প্ৰকাশ কৰি ছাত্ৰ সংগঠনটোক সবল নেতৃত্বৰে স্থিতি সুদৃঢ় কৰণত প্ৰয়াত ছাত্ৰ নেতা জনে আগবঢ়াই যোৱা অনবদ্য ভূমিকা চিৰস্মৰণীয় বুলিও অভিহিত কৰি শোকাকূল পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰে।