
newsnextone.com | ডিফুঃ ভাৰতীয় সেনাৰ ডিফু স্থিত ৰেড হৰ্ণ ডিভিজনৰ সদ্ভাৱনা যাত্ৰা কাৰ্যসূচীৰ উদ্যোগত ডিফুৰ পৰা ৩০ জনীয়া ছাত্ৰৰ দল এটাক কলকতালৈ শিক্ষামূলক সংহতি ভ্ৰমণলৈ নিয়ে৷ ইষ্টাৰ্ণ কামাণ্ডৰ চিঅ' জেভিএছ ৰাৱটৰ উপস্থিতিত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ডিফু ইউনিটত মঙলবাৰে উপায়ুক্ত মৃদুল কুমাৰ মহন্তই ফ্লেগঅফ কৰাৰ পিছতে যাত্ৰা আৰম্ভ কৰে ছাত্ৰ দলটোৱে৷
উপায়ুক্ত মৃদুল কুমাৰ মহন্তই ভ্ৰমণত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰাৰ লগাতে সেনাৰ প্ৰয়াসক উচ্চ প্ৰশংসা কৰে আৰু ভ্ৰমণকাৰী দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷ বোকাজান মহকুমাৰ সৰিয়হজানৰ দুৰ্গম এলেকাৰ ক্লিৰদাপ ইংলিছ হাইস্কুল আৰু লাংমিলিকে আৰম্ভ কৰি কেইবাখনো বিদ্যালয়ৰ ৩০জন ছাত্ৰই সংহতি ভ্ৰমণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷
ভ্ৰমণকাৰী দলটোক নেতৃত্ব প্ৰদান কৰা শিক্ষক এলচন মিঞ্জ, এণ্ডিউ চিংনাৰ আৰু লালচন চিংনাৰে৷ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত সেনাৰ শীৰ্ষ বিষয়া জেভিএছ কালতে কয় যে কলকাতা ভ্ৰমণে ছাত্ৰৰ বাহ্যিক জ্ঞান আহৰণত সহায়ক হোৱাৰ লগতে ঐতিহাসিক কীৰ্তি চিহ্নৰ সাক্ষী হৈ ৰ'ব৷ আনহাতে কলকাতাস্থিত সেনাৰ শীৰ্ষ বিষয়া ভ্ৰমণৰত ছাত্ৰ আৰু শিক্ষকৰ দলটোৰ অভিনন্দন জ্ঞাপন কৰিব৷
সেনা বিষয়াগৰাকীয়ে ভাৰতীয় সেনাই দেশৰ ভৌগলিক অখণ্ডতা, নাগৰিকৰ নিৰাপত্তাত ২৪ ঘণ্টাই জড়িত হৈ থকাৰ লগতে ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰখা আৰু অতিশয় পিছপৰা আৰু দুৰ্গম এলেকাত ৰাইজৰ সৈতে সেনাৰ সদ্ভাৱনা যাত্ৰা অংশ স্বৰূপে বিভিন্ন কল্যাণমূলক কামৰ জৰিয়তে সংযোগ স্থাপন কৰি আহিছে৷