08
Jun
2017

ডিজিটেল ডেস্কঃ সকলো বিশ্ববিদ্যালয়তে আগন্তুক শিক্ষাবৰ্ষত নগদ লেন-দেন পৰিহাৰ কৰি ডিজিটেল মাধ্যমেৰে মাচুল আদায় লোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে নিৰ্দেশ জাৰী কৰিছে।
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগক ইয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে।
ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল, পৰীক্ষাৰ মাচুল, কৰ্মচাৰীৰ দৰমহা আৰু অইন বিক্ৰয় সংক্ৰান্ত বিষয়ত অনলাইন অথবা ডিজিটেল পেমেণ্ট চিষ্টেম কৰাৰ বাবে বিশ্ববিদ্যালয়সমূহলৈ নিৰ্দেশনামা জাৰী কৰা হৈছে।
ইয়াৰ উপৰিও হোষ্টেলৰ মাচুলৰ লগতে কেণ্টিনতো নগদ লেনদেনৰ সলনি ডিজিটেল উপায় ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে।