ডিজিটেল ডেস্কঃ কঁপি উঠে কিয় তাজমহল বুলি প্ৰেমাস্পদে বিনাব পাৰে, কিন্তু ভাৰতীয় সভ্যতা-সংস্কৃতিৰ সৈতে ছাহজাহানে নিৰ্মাণ কৰা এই অমৰ সৌধৰ কোনো সম্পৰ্ক নাই। এই যুক্তি উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ উপলক্ষত বিহাৰৰ দাৰভাংগাৰ এখন সভাত অংশ গ্ৰহণ কৰি তেওঁ নিজৰ বক্তব্যৰ সমৰ্থনত আগবঢ়ালে নানা যুক্তি। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ মতে তাজমহলে কেৱল বহন কৰিছে মমতাজৰ স্মৃতিহে।

ইয়াৰ লগত ভাৰতীয় ঐতিহ্যৰ কোনো সম্পৰ্ক নাই। এখোপ আগবাঢ়ি গৈ হিন্দুত্ববাদী মুখ্যমন্ত্ৰীয়ে তাজমহলক ভাৰতৰ সংস্কৃতিৰ প্ৰতীক হিচাপে স্বীকৃতি নিদিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীক।

আদিত্যনাথৰ উপদেশ হ'ল বিদেশী ৰাষ্ট্ৰনেতাক দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে ৰামায়ণ বা গীতাহে উপহাৰ দিয়াটো উচিত। সৌজন্যতাৰ প্ৰতীকস্বৰূপে ধৰ্মগ্ৰন্থ আগবঢ়ালে দেশৰ প্ৰাচীন সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হ'ব বুলি বিবেচনা কৰে আদিত্যনাথে।