
গুৱাহাটীঃ দুটা নিৰ্বাচন প্ৰতিশ্ৰুতিৰে পাৰ কৰিলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে।আকৌ ২০১৯ লোকসভা নিৰ্বাচন বৈতয়নী পাৰ হ'বলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই আশ্ৰয় লৈছে প্ৰতিশ্ৰুতিৰ ৰাজনীতি। পূৰ্বৰ চৰকাৰৰ দৰে লোকসভা নিৰ্বাচনলৈ ৪-৫মাহ থকা অৱস্থাত অসম চুক্তি ছয় নং দফা কাৰ্যকৰী কৰিবলৈ পুনৰ গঠন কৰিছে কমিটী।
এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়ক উপমন্যু হাজৰিকাৰ। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়ক গৰাকীয়ে কয় যে পূৰ্বৰেপৰা আমি কৰি অহা দাবীসমূহ কাৰ্যকৰী কৰিব লাগে বুলি অসমৰ মেৰুদণ্ডহীন চৰকাৰখনক মনত পেলাই দি অহা হৈছে।
এতিয়া তাক ৩১ জানুৱাৰী ভিতৰত কাৰ্যকৰী কৰি ফলাফল দিব লাগে। এতিয়া আমাক ফলাফল লাগে, প্ৰতিশ্ৰুতি নালাগে।
মণিপুৰ বিধানসভাই গ্ৰহণ কৰাৰ দৰে ১৯৫১ চনৰ ভিত্তিত খিলঞ্জীয়া অধিকাৰসমূহ সংৰক্ষণ কৰিব লাগে। এই ক্ষেত্ৰত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰৰ আৰ্হিৰে অসম বিধানসভাই তৎকালীনভাৱে আইন প্ৰণয়ন কৰি কাৰ্যকৰি কৰিব লাগে।
ইয়াৰ উপৰিও তেওঁ কয় যে কেৱল বিধানসভা ক্ষেত্ৰতেই আসন সংৰক্ষণ কৰিলেই নহ'ব। ভূমি, চৰকাৰী চাকৰি, অন্যান্য সা-সুবিধাসমূহো সংৰক্ষণ কৰিব লাগে। তেওঁ কয় কেৱল বিধানসভা আসন সংৰক্ষণ কৰিলেই খিলঞ্জীয়া সুৰক্ষিত নহয় বুলি আঙুলিয়াই দিয়ে।
ইয়াৰ উপৰিও উক্ত সংবাদ মেলতে তেওঁ কয় যে খিলঞ্জীয়া ভোটত নিৰ্বাচিত হোৱা আমাৰ প্ৰতিনিধিসকল বাংলাদেশীৰ প্ৰতি বেছি দৰদ। তেওঁ উক্ত সংবাদ মেলতে পুনৰ দাবী জনায় কয় যে খিলঞ্জীয়াৰ ৰক্ষা বাবে ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থা কৰিব লাগে। ঠিক একেদৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পুনৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে।
কেন্দ্ৰীয় চৰকাৰে যি অতিৰিক্ত প্ৰব্ৰজনকাৰী বোজা জাপি দিব ওলাইছে তাক তাক অতি সোনকালে পৰিত্যাগ কৰিব লাগে বুলিও প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়কজনে দাবী কৰে।