কোকৰাঝাৰঃ শুকুৰবাৰে বিটিএডিৰ ৪ খন জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিটিচিৰ বিৰোধি দল UPPL-এ৷ কেগৰ প্ৰতিবেদনত বিটিচিত ব্যাপক দুৰ্নীতি হোৱা বুলি প্ৰকাশ পোৱাৰ পিছতেই বিটিচিৰ শাসক দল বিপিএফৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সংগঠনটোৱে৷ ইউ পি পি এল দলে এই বৃহৎ দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰি চৰকাৰে বিষয়টোৰ তদন্ত নকৰাৰ প্ৰতিবাদত শুকুৰবাৰে ইউ পি পি এলে বিটিএডিৰ বিভিন্ন প্ৰান্তত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ নিকটত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে। কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত অনুষ্ঠিত হোৱা তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত ইউ পি পি এলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই বিটিএডিত ভিচিডিচি সমুহ দুৰ্নীতিৰ উৎস বুলি মন্তব্যৰে প্ৰায় প্ৰতিটো বিভাগতে দুৰ্নীতি সংঘটিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে।

কেগৰ প্ৰতিবেদনত অকল বিটিচিৰ চিডি ফাণ্ডতে ১৮০ কোটি টকাৰ কেলেংকাৰী হোৱাৰ কথা উল্লেখ কৰি প্ৰাক্তন সাংসদ গৰাকীয়ে কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা বিটিচিৰ প্ৰতিটো বিভাগত তদন্ত কৰিলে বিটিএডিত কমেও এহেজাৰ কোটি টকাৰ কেলেংকাৰী ওলাই পৰিব বুলি সন্দেহ প্ৰকাশ কৰে। গণতন্ত্ৰক ৰক্ষা কৰিবলৈ হ'লে বিটিচিৰ দুৰ্নীতিৰ তদন্ত নিত্যান্তই প্ৰয়োজনীয় বুলি মন্তব্য কৰে উৰ্খাও গৌৰা ব্ৰহ্মই৷ বিটিচিত গণতন্ত্ৰবিৰোধী কাৰ্যকলাপ চলা বুলি খেদ প্ৰকাশও কৰে।

ইপিনে ইউপিপিএলৰ সম্পাদক বুদ্ধদেৱ মুছাহাৰীয়ে বিটিচিৰ প্ৰতিটো বিভাগতে দুৰ্নীতি হোৱা বুলি অভিযোগ কৰি কেগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বিটিচিৰ দুৰ্নীতিৰ তদন্ত কৰা, পঞ্চায়তৰ লেখীয়াকৈ বিটিচিতো ভিচিডিচি নিৰ্বাচন অনুষ্ঠিত কৰা আৰু বিটিচিৰ নিৰ্বাচিত সদস্যসকলক টিচিএলচিচিৰ অধ্যক্ষ পদ দিবলৈ দাবী উত্থাপন কৰে। ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে বিটিচিৰ দুৰ্নীতিৰ তদন্ত কৰা, ভিচিডিচি নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ইউ পি পি এলৰ নিৰ্বাচিত সদস্যসকলক টিচিএলচিচিৰ অধ্যক্ষ পদত নিয়ুক্তি দিয়াকে ধৰি তিনিদফীয়া দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে।