
কোকৰাঝাৰঃ কোকৰাঝাৰৰ তিতাগুৰিৰ এখন টাইলছৰ দোকানত দুষ্কৃতিকাৰীৰ ১২ জাঁই গুলীত প্ৰাণ হেৰুৱা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী জনাইছে ৰাজনৈতিক দল ইউনাইটেড পিপ'লছ পাৰ্টি লিবাৰেশ্যন চমুকৈ ইউপিপিএল দলে।
আজি ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মৰ নেতৃত্বত এটা সজাতি দলে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বিবেকানন্দ চৌধুৰীৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি সংবাদ মাধ্যমৰ আগত দলৰ সভাপতি তথা প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মই লাফিকুল হত্যাকাণ্ড এটা সৰু হত্যাকাণ্ড নহয় বুলি কয়।
স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত যোৱা বছৰ তথা ২০১৬ চনৰ প্ৰথম সপ্তাহত কোকৰাঝাৰ পৰা কিছু নিলগত অৱস্থিত বালাজান তিনিআলিত সংঘটিত হৈছিল এনে গণ হত্যাকাণ্ড। সেই হত্যা কাণ্ডৰ তদন্তৰ প্ৰতিবেদন কি পৰ্যায়ত আছে সেয়া আজিলৈ প্ৰকাশ নকৰিলে প্ৰশাসনে। এইবাৰো বালাজান তিনিআলিৰ কিছু নিলগত থকা তিতাগুৰি বজাৰৰ মাজ মজিয়াতে পুনৰ দুষ্কৃতিকাৰীয়ে এনে বৰ্বৰতাৰে হত্যা কাণ্ড সৃষ্টি কৰিলে যিটো হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে বুলি কয় নেতাগৰাকীয়ে।
ইপিনে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰাৰ পিছত এবছুৰ সভাপতিক হত্যাৰ ভাবুকি প্ৰদান কৰা বিজিত অসম নামৰ ব্যক্তি গৰাকীৰ আজি পুত্তলিকা দাহ কৰে এবছুৱে। পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত এবছুৰ কৰ্ম-কৰ্তাসকলে অতি শীঘ্ৰে বিজিত অসম নামৰ ব্যাক্তিগৰাকীক কৰায়ত্ব কৰি শাস্তি বিহিবলৈ দাবী জনাইছে।