11
Feb
2019

ওৰাংঃ আদিবাসী সকলৰ জনজাতিকৰণৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সোমবাৰে আহ্বান জনোৱা অসম বন্ধৰ ফলত স্তব্ধ হৈ পৰে জনজীৱন।
ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ওৰাঙত দোকান পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ হোৱাৰ উপৰিও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যানবাহনৰ চলাচল বন্ধ হৈ পৰে।
বন্ধৰ সমৰ্থনত আদিবাসী ছাত্ৰ সংস্থাৰ সদস্য সকল ৰাজপথলৈ ওলাই আহে। শীঘ্ৰেই আদিবাসী সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায়।