22
Nov
2018

ওৰাঙঃ ৰাজপথৰ ওপৰত হঠাত চলন্ত বাছত জুঁই লগাত চৌদিশে কিংকৰ্তব্যবিমূঢ় পৰিস্থিতি৷ কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰিল যাত্ৰীবাহী লোক৷
আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 13 C 7181 নম্বৰৰ যাত্ৰীবাহী আলট্ৰা বাছ এখন ওৰাঙৰ সমীপৱৰ্তী যোৰা দিয়াত বিয়লি এক বাজি বিছ মিনিটত হঠাত জুই লাগি যোৱাৰ ফলত অঞ্চলটোত হুৱা দুৱা সৃষ্টি হয়৷ যদিও কোনো যাত্ৰীৰ বিশেষ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে৷ পাছত ঢেকীয়াজুলি অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ।শেহতীয়াকৈ যান্ত্ৰিক বিজুতিৰ ঘটাৰ ফলত এই কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা যায়৷