28
Feb
2017

নগাঁওঃ নগাঁও চহৰৰ মুক্তিযুজাঁৰু ভৱনত ইউৰেকা সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। 'অসমীয়া ভাষা আৰু নৱপ্ৰজন্মৰ দায়বদ্ধতা' শীৰ্ষক বিষয়ত অনুষ্ঠিত আলোচনা-চক্ৰখন সঞ্চালনা কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সাগৰ বৰুৱাই ৷
আলোচক হিচাপে উপস্থিত থাকে অধ্যাপক ড° জোনাৰাম নাথ, কবি শান্তনু বৰা, সাহিত্যিক ডাঃ ৰেজাউল কৰিম, অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক সুৰেন বৰা, চিন্তাবিদ মুছাৰফ হুছেইন কবিৰ, ইউৰেকাৰ সভাপতি ভাস্কৰ ভৰালী আৰু নগাঁও জিলা মুক্তিযুজাঁৰু সন্মিলনীৰ সাধাৰণ সম্পাদক বাবুল শইকীয়া৷
অনুষ্ঠানত আলোকচিত্ৰ শিল্পী উজ্জ্বল প্ৰতিম বৰা আৰু নীলিম ৰঞ্জন গগৈক উদ্যোক্তা সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷