উৰিয়ামঘাটঃ অসম যুগ যুগ বসবাস কৰি অহা চাওঁতাল, ওৰাং, মুণ্ডা, গড়ঁ, খাৰিয়া, চাওঁৰা, কিচান, প্ৰজা, লহৰ জনগোষ্ঠিক জনজাতিকৰণ কৰা, অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰা, নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত মঙলবাৰে সৰুপথাৰত অাসাম অাদিবাসী পীচ মুভমেন্টে ৰেলপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

সৰুপথাৰ ৰেলৱে ষ্টেছনত প্ৰতিবাদকাৰীসকলে ৰেলপথ অৱৰোধ কৰি ৰে’ল যোগাযোগ ব্যাহত কৰি তোলে। হাতে হাতে বেনাৰ-ফেষ্টুন লৈ বিভিন্ন শ্ল’গানেৰে চহৰখনৰ অাকাশ বতাহ কপাঁই তোলে। ইয়াৰ পিচতে প্ৰতিবাদকাৰীসকলে গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক-প্ৰত্ৰ প্ৰেৰণ কৰে৷