25
Feb
2017

কানাচঃ উত্তৰ বিচাৰিছে শ্ৰীনিবাসৰ পত্নীয়ে। কানাচত গোষ্ঠীগত বিদ্বেষৰ বলি হোৱা ভাৰতীয় অভিযন্তা শ্ৰীনিবাস কুচ্চিভোটলাৰ পত্নি সুনয়না ডমালাই বিচাৰিছে ন্যায়। মাৰ্কিন চৰকাৰখনে হিংসাজনিত অপৰাধ ৰোধ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিব সেইবিষয়ে এখন সংবাদমেলত প্ৰশ্ন কৰে সুনয়নাই।
কানাচৰ এখন বাৰত এডাম পিউৰণ্টন নামৰ ৫১ বৰ্ষীয় মাৰ্কিন লোকৰ আক্ৰমণত নিহত হৈছিল শ্ৰীনিবাস। উক্ত ঘটনাত শ্ৰীনিবাসৰ সহকৰ্মী এগৰাকীও আহত হৈছিল।
শ্ৰীনিবাসৰ নশ্বৰ দেহ শনিবাৰে নিউ জেৰেছিলৈ নিয়া হৈছে আৰু শেষকৃত্য সমাপনৰ বাবে ভাৰতলৈ নিয়া হ'ব।