
চিপাঝাৰঃ পানীয়ে মানুহৰ প্ৰাণ৷ আহাৰ নখোৱাকৈ এসপ্তাহ পৰ্যন্ত থাকিব পাৰি, কিন্তু পানী নখোৱাকৈ তিনি দিনো থকা অসম্ভৱ৷ কিন্তু সেইবুলি পুখুৰী, নদী অথবা নলাৰ পানীও নিশ্চয় খাব নোৱাৰি৷
বিশুদ্ধ পানীৰ নামত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰিছে যদিও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পশ্চিম মঙলদৈত৷
কিয়নো বছৰ বছৰ ধৰি বিকল হৈ পৰি আছে ৰাজ্য চৰকাৰৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি৷ যাৰ পৰিণতিত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ঝাৰগাও, সাৰেং, শলমাৰী আদি গাঁৱৰ ৰাইজে৷
উল্লেখ্য যে, গাঁও কেইখনৰ প্ৰায় তিনি হাজাৰ মানুহক সামৰি ঝাৰগাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি ৰূপায়ন কৰিছিল যদিও বহু বছৰ ধৰি বিকল হৈ আছে৷ গাওঁ কেইখনৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ত আবেদন নিবেদন কৰিছিল যদিও কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাত ভূত বাংলাত পৰিণত হৈছে আঁচনিখন৷
আনহাতে এই পানী যোগান আঁচনিখনত তিনিজনকৈ কৰ্মচাৰী আছে যদিও তেওঁলোকে শুই বহিয়ে চৰকাৰী দৰমহা ভোগ কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে৷ সেয়েহে পৰিৱৰ্তনকামী চৰকাৰখনক অতি শীঘ্ৰে খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাই৷