নগাঁওঃ ভেলেন্টাইন ডে’ৰ দিনাই নগাঁও জিলাৰ বেবেজীয়াৰ কিছু নিলগৰ ঘাঁহী মাজগাঁৱত প্ৰেমিকে নিজৰ প্ৰেয়সীক হত্যা কৰা এক ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ঘাঁহী মাজগাঁও নিবাসী ফনিধৰ দাসৰ কনিষ্ঠ পুত্ৰ আশীষ জ্যোতি দাসৰ একেখন গাঁৱৰে ঘন কান্ত দাস(সাধন)ৰ জ্যেষ্ঠ কন্যা তথা স্নাতক পৰ্যায়ত অধ্যয়ণৰত সোনমনি দাসৰ লগত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল৷ 

আনকি পিছত দুয়োঘৰৰে সন্মতি সাপেক্ষে দুয়োৰে মাজত বিয়াও ঠিক হৈছিল৷ সেয়ে সঘনে আশীষৰ প্ৰেয়সীৰ ঘৰলৈ অহা-যোৱা আছিল আৰু কেতিয়াবা নিশাও থাকিছিল৷ এনেদৰে দিনবোৰ গৈ থকাৰ মাজতে কালি সংঘটিত হয় সেই হৃদয় বিদাৰক ঘটনা৷ পুৱা প্ৰায় ১১ বজাত আগদিনা প্ৰেয়সীৰ ঘৰতে থকা আশীষে প্ৰেয়সীৰ মাক আৰু দেউতাক ঘৰৰ পিছফালে কোনো কামত ব্যস্ত থকা অৱস্থাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহা প্ৰেয়সীৰ ভনীয়েকক পৰীক্ষাগৃহৰপৰা অনাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি লাগে৷ 

আশীষে ভনীয়েকক পৰীক্ষাগৃহৰপৰা আনিবলৈ বিচৰাটো পছন্দ নকৰি প্ৰেয়সীয়ে নিজেই যোৱা কথা কয়৷ এনেদৰে কথাৰ কটাকটি চলি থকাৰ মাজতে আশীষে ঘৰৰ পিছফালে গৈ দা এখন লৈ আহে৷ এনেদৰে হঠাতে দা অনা প্ৰত্যক্ষ কৰি কৌতুহলবশতঃ মাক ঘৰৰ ভিতৰলৈ অহাত মাকে নিজৰ কন্যাক আশীষে বিচনাত পেলাই লৈ বুকুত হেঁচি থকা দেখা পায়৷ এই দৃশ্য দেখি মাকে কি হ’ল বুলি সুধাত আশীষে প্ৰেয়সীয়ে চিলিঙত চিপ লোৱা বুলি কোৱাৰ লগতে দাখনেৰে ৰছি কাটি উদ্ধাৰ কৰাৰ কথা অৱগত কৰে৷ 

লগে লগে প্ৰেয়সীক ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ নিব বিচাৰে যদিও চিকিৎসক নথকাত পিছত নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয়৷ কিন্তু তাত চিকিৎসকে যুৱতীগৰাকীক মৃত বুলি ঘোষণা কৰে৷ 

ইফালে, আজি বিয়লি প্ৰায় এক বজাত যুৱতীগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ অন্তত নিজ গৃহলৈ অনাত স্থানীয় বহুলোকৰ সমাগম হয়৷ উল্লেখ্য যে, আশীষে যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰিলেও যুৱতীগৰাকীৰ মাতৃয়ে ইয়াক পোনচাতেই নাকচ কৰি আশীষে পৰিকল্পিতভাৱে ডিঙি চেপি হত্যা কৰা বুলিহে দাবী কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়৷ 

উত্তেজিত ৰাইজে যুৱতীগৰাকীৰ মৃতদেহ সমদল কৰি নি প্ৰেমীক আশীষৰ ঘৰৰ চোতালতে মৃতদেহ সৎকাৰ কৰি ক্ষুভ উজাৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ অৱশ্যে আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ স্থানীয় ৰাইজে কৰা অভিযোগ মতে যুৱতীগৰাকীৰ ভনীয়েকৰ লগতো আশীষৰ গোপনে প্ৰেমৰ সম্পৰ্ক চলি আছিল৷ 

সুচতুৰ আশীষে যুৱতীগৰাকীৰ লগত বিয়া ঠিক হৈ থকা সুযোগ লৈ দুই ভগ্নীৰ লগতে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল৷ ইফালে, ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত থকা প্ৰেমীক আশীষে আজি বিয়লি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে বুলি জানিব পৰা গৈছে৷ অৱশ্যে আৰক্ষীৰ উচিৎ তদন্তহে প্ৰকৃত সত্য উদঘাটন হ’ব৷