03
Dec
2017

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ চাবাজপুৰৰ নৱজোতি ক্লাৱৰ উদ্যোগত অসম ভিওিত অনুষ্ঠিত নৈশ ভলীবল প্ৰতিযোগিতাৰ শনিবাৰে নিশা সামৰণি পৰে।
প্ৰায় অৰ্ধ শতাধিক দলে অংশ লোৱা খেলত দেৱস্থান গল্ড ক্লাৱে চূড়ান্ত বিজয়ী হোৱাৰ লগতে ইছলাম নগৰ এম আৰ ৰানাৰ্চ আপ হয়। ক্লাবৰ সভাপতি ৰেজৱান আহমেদে আঁত ধৰে খেল খন৷ কেইবা শতাধিক দৰ্শক উপস্থিত থাকি খেল উপভোগ কৰে।