ৰঙিয়াঃ বজাৰত মানুহৰ দাম কিমান? এই কথা পূৰ্বে কোনেও ক'ব পৰা নাছিল যদিও এতিয়াৰে পৰা ক'ব পৰা হ’ল৷ মানুহৰ মূল্য মাথো ১০০০ টকা৷ হয়, এতিয়া ৰাজ্যত মাথো ১০০০ টকাত বিক্ৰী হয় মানুহ ৷ শুনি আচৰিত লাগিলেও এই কথা সত্য৷ দেওবাৰে ৰঙিয়াত ধৰা পৰা সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰই এই কথা অকপটে স্বীকাৰ কৰে।

ৰাইজৰ হাতত ধৰা পৰা দুই মানৱ সৰবৰাহকাৰীয়ে এগৰাকী লোকক লৈ আহিছিল মাথো ১০০০ টকাত বিক্ৰী কৰিবলৈ। মাত্ৰ এক হাজাৰ টকাৰ বিনিময়ত মানুহ কিনা মানুহ ৰঙিয়াৰ ৰজিম আলীৰ হাতত বিক্ৰী কৰিবলৈ আনিছিল এজন লোকক৷

গুৱাহাটীৰ ভৰলুমুখৰ ৰাহুল বড়ো আৰু খাৰঘুলিৰ জিতু বৰ্মনে পল্টন বজাৰৰ পৰা এগৰাকী বাট হেৰুওৱা লোকক লৈ আহিছিল ৰঙিয়ালৈ। জানিব পৰা মতে, ৰঙিয়াৰ বালাগাঁৱত তিনিজন লোকক ঘূৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ ইয়াৰে এজন লোকক বলপূৰ্বক আন দুজন লোকে ৰখাই থোৱা বুলি সন্দেহ কৰে ৰাইজে৷

ৰাইজে সোধ-পোছ কৰাত উৰহীৰ ওৰ ওলাই পৰে৷ দুজন লোকে গুৱাহাটী পল্টন বজাৰৰ পৰা যুৱকজনক কৌশলেৰে ৰঙিয়াৰ ৰজিম আলীৰ ওচৰলৈ আনিছিল বিক্ৰীৰ বাবে৷ পাছত ৰঙিয়াৰ বালাগাঁৱত ৰাইজে দুয়োজন লোকক ধৰি আৰক্ষীক গতাই দিয়ে৷

ৰঙিয়া ষ্টেশ্যনৰ আশে-পাশে মানৱ সৰবৰাহৰ এক বৃহৎ চক্ৰ গঢ় লৈ উঠাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে ১০০০ টকাত মানুহ বিক্ৰী হোৱাৰ খবৰে প্ৰত্যেকগৰাকী লোকক চিন্তিত কৰি তুলিছে৷ এই ক্ষেত্ৰত প্ৰশাসনৰ বিৰুদ্ধে নিস্ক্ৰিয়তাৰ অভিযোগও বাৰে বাৰে উঠি আহিছে। যাৰ বাবে ৰঙিয়াত দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে এই ঘটনা।

ইফালে ৰজিম আলীৰ বিৰুদ্ধে পূৰ্বেও মানব সৰবৰাহৰ বহু অভিযোগ থকাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত বহু প্ৰশ্নৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে ঘটনাৰ তদন্ত কৰি চক্ৰটোক উৎখাত কৰাৰ দাবী জনাইছে আৰক্ষীক। ৰাজ্যত প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা নিৰুদ্দেশ হোৱা লোকসকল কলৈ যায় তাক লৈ চিন্তা কৰিব লগা বিষয় হৈ পৰিছে৷

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই ঘটনাক গুৰুত্ব সহকাৰে লৈ তদন্ত কৰি চক্ৰটোক উৎখাত কৰিবলৈ ৰাইজে দাবী জনাইছে৷ এটি বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়া মতে এই চক্ৰটোৱে ৰাজ্যৰ পৰা এনেদৰে মানৱ সৰবৰাহ কৰি ৰাজ্যৰ বাহিৰত বিক্ৰী কৰি আহিছে৷