20
Sep
2017

জাগীৰোডঃ মৰিগাঁৱৰ উপ আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীৰ নেতৃত্বত জাগীৰোড আৰক্ষীয়ে আজি আবেলি জোনবিলৰ পৰা বৃহৎ পৰিমানৰ মনিপুৰী গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জাগীৰোডৰ পৰা মৰিগাঁৱলৈ নি থকা অৱস্থাত জোনবিলত অভিযান চলাই আৰক্ষীয়ে গাঞ্জা সহ দুজন লোককো কৰায়ত্ত কৰে।
খাইৰুল ইছলাম আৰু ছাদিকুল ইছলামে গাড়ীৰৰ পৰা নামি গ্ৰাহকক দিবলৈ বিচৰা সময়তে আৰক্ষীৰ দলটোৱে কৰায়ত্ত কৰে। প্ৰায় ১০ কিলো ওজনৰ মনিপুৰী গাঞ্জা খিনিৰ মূল্য ২ লাখ টকাৰ মূল্য হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
দীৰ্ঘদিন ধৰি গাঞ্জাৰ চোৰাং ব্যৱসায় কৰি থকা চক্ৰটোৰ লগত জড়িত সকলক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।