ধিংঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনাৰ সমাৰোহ ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বটদ্ৰৱাত৷ ভাওঁনা সমাৰোহ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত ৰাজ্য চৰকাৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে৷

সমাৰোহ উদ্বোধন কৰে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই। বৰপেটা, মাজুলী, বটদ্ৰৱা অাৰু জামুগুৰিহাটৰ বাৰচহৰীয়াৰ একোখনকৈ ভাওঁনা প্ৰদৰ্শন কৰা হ’ব। ভাওঁনা সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী।

বিধায়িকা অাঙুৰলতাই বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ আশ্বাস দিয়ে৷ সুদীৰ্ঘ ৪০ বছৰৰ পাছত বটদ্ৰৱা থানত ভাওঁনা সমাৰোহ অনুষ্ঠিত হোৱাত ভক্তসকল অানন্দিত হৈ পৰে৷ সমাৰোহত প্ৰথম দিনা প্ৰদৰ্শিত হয় বটদ্ৰৱাৰ স্থানীয় শিল্পীসকলে প্ৰদৰ্শন কৰে "ৰুক্মিণী হৰণ" নাট৷