
ডিব্ৰুগড়ঃ ৰাজ্যৰ ২৬খন জিলাৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি আজিও হাহাকাৰ কৰি থাকিব লগা হৈছে৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানীয়ে লখিমপুৰ, ধেমাজি, গোৱালপাৰা, নগাঁও, বিশ্বনাথ, যোৰহাট, গোলাঘাট, নলবাৰী, শিৱসাগৰ, মৰিগাঁও, দক্ষিণ শালমাৰা, ধুবুৰী, কৰিমগঞ্জ, মাজুলী, কাছাৰ, চিৰাং, কোকৰাঝাৰ আদি জিলাত ব্যাপক ক্ষতি-সাধন কৰে৷
এই বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২২৪ খন গাঁও৷ বেচৰকাৰী হিচাপত ২৬ লাখ লোক ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰা হৈছে৷ হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰ, পেহনীয়া জন্তু, লৰা-ছোৱালীৰ কাপোৰ-কানি, কিতাপ আদি পানীত উটি যায়৷
বানৰ পাছত এতিয়া গৰাখহানীয়াৰ গ্ৰাসত পৰি মূৰে-কপালে হাত দিব লগা হৈছে শ শ লোক৷ কৃষকৰ কেইবা হেক্টৰ কৃষি ভূমি নদীৰ বালিয়ে পুতি পেলোৱাৰ লগতে কৃষকে চহাই ৰখা পথাৰ, গজি ওলোৱা কঠিয়া নষ্ট হৈ যায়৷
শেহতীয়াকৈ বানৰ পানী শুকাই আহিছে যদিও বাঢ়নী পানীত বুৰি ককবকাই থকা সময়ত ৰাজ্যখনৰ কেইবাখনো জিলাৰ লোকক ৰাজ্য চৰকাৰে সাহায্য দিয়াত ব্যৰ্থ হোৱাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছিল৷ বিশুদ্ধ খোৱাপানী, খাদ্য, বস্ত্ৰ, অন্ন, মহিলাৰ প্ৰয়োজনীয় সামগ্ৰী, শিশুৰ আহাৰ, পোহনীয়া জন্তুৰ খাদ্য যোগান ধৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছিল৷
ৰাজপথলৈ লোক ওলাই আহি সাহায্য দিয়াৰ দাবীত প্ৰতিবাদ কৰিবলগীয়া হৈছিল৷ ৰাজ্যখনৰ দল-সংগঠন তথা স্বেচ্ছাসেৱী অনুষ্ঠানে বান সাহায্য সংগ্ৰহ কৰি বানাক্ৰান্তৰ মাজত বিতৰণ কৰি সকাহ দিছিল৷ মন্ত্ৰী-বিধায়ক বহু পলমকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ পোৱাৰ পাছতহে লৰ দিছিল বানাক্ৰান্তৰ ওচৰলৈ৷
ৰাজ্যৰ দল-সংগঠনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীয়ে বানৰ খবৰ লবলৈ অসমলৈ নহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৩০ জুলাইত গুজৰাটৰ বনাচকান্ঠা আৰু পতন জিলা বানৰ কবলত পৰে৷ ৰাজ্যখনৰ দুখন জিলা বানৰ কবলত পৰাৰ খবৰ পোৱা মাত্ৰকে প্ৰধানমন্ত্ৰীয়ে ৫০০ কোটি টকাৰ সাহায্য ঘোষণা কৰাৰ লগতে নিজে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে৷
সমগ্ৰ অসম বানৰ কবলত পৰি ককবকাই থকাৰ সময়তে গুজৰাটৰ বানৰ বাবে ততাতৈয়াকৈ পেকেজ ঘোষণা আৰু খোদ প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰাত অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ৰাজ্যৰ দল-সংগঠনে দিল্লীৰ কোনো দলৰ চৰকাৰে অসমৰ সমস্যাক গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে মাহীআইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ কৰে৷
দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ তথা সমালোচনাৰ পৰা মুখ বচাবলৈ মঙলবাৰে কেইটামান ঘন্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহে৷ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ২০০০ কোটি ঘোষণা কৰিলেও মোদীৰ অসম ভ্ৰমণত সন্তুষ্ট হ'ব পৰা নাই বান ক্ষতিগ্ৰস্ত তথা গৃহহীনক পুনৰ সংস্থাপন দিয়াৰ দাবীত প্ৰতিবাদ কৰি অহা সংগঠনসমূহ৷
নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ শীত-তাপ নিয়ন্ত্ৰীত কোঠাত বহি কেৱল মন্ত্ৰী বিধায়কৰ সৈতে কথা পাতি কেইটামান ঘন্টাৰ পাছতে গুচি যোৱা কাৰ্যত ক্ষোভিত হৈ পৰিছে উজনি অসমৰ জনগোষ্ঠীয় সংগঠন মটক-যুৱ ছাত্ৰ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদ৷ মটক-যুৱ ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই মোদীৰ অসম ভ্ৰমণক ধন্যবাদ জনাই অসম আৰু গুজৰাটৰ মাজত পাৰ্থক্য নকৰিবলৈ কয়৷
গুজৰাটৰ বান নিজে চাই ৫০০ কোটি টকা দিলে কিন্তু অসমৰ বাবে ৫০ শতাংশ কমি গ’ল বুলি কয় নেতাগৰাকীয়ে৷ বান বিধ্বস্ত অঞ্চললৈ নগৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি পৰিস্থিতিৰ বুজ লোৱাত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে৷
আনহাতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে গুৱাহাটীত বান পৰিস্থিতিৰ বুজ লৈ ২৫০ কোটি টকা দিয়াটো অসমীয়াৰ বাবে লজ্জাৰ বিষয় বুলি কয়৷ গগৈয়ে বানৰ সময়ত অসমলৈ নাহি কেৱল লজ্জা ঢকাৰ বাবে আহিল যদিও প্ৰকৃত বানৰ ছবিখন প্ৰধানমন্ত্ৰীয়ে দেখা নাপালে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷