
গোৰেশ্বৰঃ অসম ভেন্সাৰ শিক্ষানুষ্ঠান পদ প্ৰাদেশিকীকৰণ আইন, ২০১১ উচ্চতম ন্যায়ালয়ে বাতিল কৰাৰ পিছত এতিয়া অহা ২ মাৰ্চলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে ৰাজ্যৰ ৩৫ হেজাৰ অপ্ৰাদেশিকৃত শিক্ষকে। অসমত ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান গঢ়ি ছাত্ৰ ছাত্ৰীক মানুহ কৰি গঢ়ি তোলাৰ দায়িত্ব লোৱাৰ পিছতো ৰাজ্যৰ শিক্ষা বিভাগে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে ২৫ - ৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰা শিক্ষক সমাজক। জীৱন আৰু জীৱিকাৰ তাড়নাত বছৰ বছৰ ধৰি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰা হৈছে এনে অপ্ৰাদেশিকৃত শিক্ষকক।
যোগ্য ভেন্সাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ নহ'লে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি
মন কৰিব লগীয়া যে ২০১১ চনৰ পদ প্ৰাদেশিকীকৰণ আইনৰ অধীনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰায় ৪২ হাজাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ল যদিও শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল বাকী ৩৫ হাজৰ শিক্ষক। কিয়নো তেতিয়াৰ আইনখনত দহ বছৰীয়া আৰু সাত বছৰীয়া দুটা ভাগ কৰাত অন্য শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াটো বহু পিছুৱাই যায়। আজিলৈ সাত বছৰীয়া আন সকলৰ পদ প্ৰাদেশিকীকৰণ কৰা হোৱা নাই যদিও ৫৭ খন ডিগ্ৰী কলেজ কিন্তু প্ৰাদেশিকীকৰণ কৰা হৈছে।
সেয়েহে কি ভাবে যোগ্য বুলি বিবেচিত হৈ থকা মুঠ ৪৫০ খন মাধ্যমিক পৰ্যায়ৰ হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজ শিক্ষানুষ্ঠান শিক্ষা বিভাগে প্ৰাদেশিকীকৰণ নকৰাকৈ বঞ্চিত কৰি ৰাখিলে সেয়া আজিও ৰহস্য হৈ থাকিল। চৰকাৰে ৰাজকোষত জমা ধনৰ অভাৱ বুলি বিষয়টোত গা এৰা মনোভাৱ প্ৰদৰ্শন কৰি কিন্তু মাধ্যমিক পৰ্যায়ৰ প্ৰায় ৫৭০০ জন শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ নকৰি আজিলৈ কেৱল প্ৰবঞ্চনাকে কৰি আহিছে।
আকৌ বিনা বেতনে যোৱা ২০-২৫ বছৰে শিক্ষকতা কৰা ভেন্সাৰ শিক্ষকক বিভিন্ন ৰাষ্ট্ৰীয় আইনৰ দোহাই দি পদৰ পৰা বঞ্চিত কৰাৰ এক ষড়যন্ত্র ইতিমধ্যে আৰম্ভ হৈছে। অত বছৰে বিনা বেতনে শিক্ষকতা কৰা সকলক বিশেষকৈ যোগ্য বুলি ঘোষিত হোৱা সকলক কিয় বাৰে বাৰে প্ৰাদেশিকীকৰণ নকৰি অযথা দেৰী কৰি আছে সেয়া নুবুজা সাঁথৰ হৈ পৰিছে।
এতিয়া পুনৰ ২ মাৰ্চত নতুন প্ৰাদেশিকীকৰণ বিল উত্থাপন হোৱালৈ বাট চাইছে ভেন্সাৰ শিক্ষকসকলে। কিয়নো এই খন বিলৰ মতেই প্ৰাদেশিকীকৰণ হ'ব ৰা থকা অপ্ৰাদেশিকীকৃত শিক্ষকৰ পদ। চৰম দুৰ্ভাগ্য আৰু আৰ্থিক অনাটন আৰু অনিশ্চিয়তাৰ মাজত দিন কটোৱা এইসকল শিক্ষক চাকৰি প্ৰাদেশিকীকৰণ নহলে পুনৰ ৰাজপথত নামি পৰিব সহস্ৰাধিক ভেন্সাৰ শিক্ষক কৰ্মচাৰী।
বিশেষকৈ ইতিমধ্যে যোগ্য বুলি বিবেচিত হৈ থকা মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ পগ প্ৰাদেশিকীকৰণ কৰি পুনৰ প্ৰাদেশিকীকৰণ কাম আৰম্ভ কৰিবলৈ শিক্ষামন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ভেন্সাৰ শিক্ষক সমাজে।পুনৰ ২ মাৰ্চত আহিব লগীয়া বিলখনক প্ৰতাৰণাৰ দলিল নকৰি বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দলিল হওঁক বুলি কামনা কৰিছে ভেন্সাৰ শিক্ষক সমাজে। ইয়াৰ বিপৰীত স্থিতি চৰকাৰে গ্ৰহণ কৰিলে পুনৰ জংগী ভাবে আন্দোলনত নামি পৰিব বুলি হুংকাৰ দিছে ভেন্সাৰ শিক্ষক সমাজে।