
ডিজিটেল ডেস্কঃ দুটা দশকৰ পিছত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ অলিভ ৰিডলি ঘূৰি আহিল পুনৰ নিজৰ ঘৰলৈ৷ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বুকুত ভ্ৰমি ফুৰা এই দুৰ্লভ প্ৰজাতিৰ কাছবিধে মুম্বাইৰ ভাৰ্ছবা উপকূলত ২০ বছৰৰ পূৰ্বেই বাস কৰিছিল। পিছে মানৱসৃষ্ট আৱৰ্জনাৰে কদৰ্যময় হৈ পৰা উপকূলটো এসময়ত এৰি সাগৰৰ গৰ্ভত বিলীন হৈ গৈছিল কাছবিধ।
প্ৰকৃতিপ্ৰেমীৰ পৰা আৰম্ভ কৰি সকলোৱে ভাবিছিল যে এনে এটা পুতিগন্ধময় পৰিৱেশলৈ ঘুৰি নাহিব অলিভ ৰিডলি নামৰ কাছবিধ। কিন্তু শুকুৰবাৰে এক বেচৰকাৰী সংস্থা চলোৱা প্ৰকৃতিবিদ আফৰজ শ্বাহে উপকূল চাফাইৰ কামৰ সময়ত পুৱা কাছবিধৰ কণীৰ চোকোৰা দেখে। লগে লগে বিষয়টো বন বিভাগক অৱগত কৰে আফৰজে।
এনেদৰেই আফৰজে তিনি ফুট দ পিতনিসদৃশ গাঁত এটাৰ পৰা উদ্ধাৰ কৰে অলিভ ৰিডলিৰ একাধিক কণিৰ খোলা। কণি ফুটি ওলোৱা পোৱালীবোৰ সমূদ্ৰৰ দিশে ঢাপলি মেলাৰ দৃশ্যও চকুত পৰে তেওঁলোকৰ। এনেদৰেই মুম্বাইৰ সাগৰ পাৰত অলিভ ৰিডলিৰ পুনৰ আগমণৰ ঘটনা সদৰী হয়।
উল্লেখ্য যে, অলিভ ৰিডলি নামৰ কাছবিধে গৰম আৰু নাতিশীতোষ্ণ পৰিৱেশত বসবাস কৰে৷ ভাৰত আৰু প্ৰশান্ত মহাসাগৰত ভ্ৰমি ফুৰা কাছবিধৰ মাইকী কাছই দুবছৰৰ মুৰত কণী পাৰিবলৈ পাৰলৈ উঠে। কিন্তু ২০ বছৰ আগতেই এৰি যোৱা উপকূলটোলৈ পুনৰাই যে ৰিডলি ঘুৰি আহিব, সেয়া কোনোৱে কল্পনা কৰা নাছিল।