বাঘবৰঃ ৰাজ্যত জাতি মাটি ভেটিৰ নামলৈ দিছপুৰৰ গাদী দখল কৰা পৰিৱৰ্তনৰ বিজেপি চৰকাৰখনে নৈৰ কৱলৰ পৰা ৰক্ষা কৰিব পৰা নাই নৈপৰীয়া সাধাৰণ জনতা মাটি ভেটি, কৃষিভূমি। যাৰ ফলত নৈ-উপনৈ সমূহৰ খহনীয়াত নৈৰ বুকুত বিলীন হৈছে ইখনৰ পিছত সিখনকৈ স্বাধীনতা পূৰ্বৰ পুৰণি গাঁও।

সমান্তৰালকৈ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মানচিত্ৰৰ পৰা হেৰাই গ’ল স্বাধীনতাৰ পূৰ্বৰ পুৰণিকলীয়া মৰাভাজ গাঁওখন। জানিব পৰা মতে, যোৱা কেইবা মাহ ধৰি বাঘবৰৰ মৰাভাজ গাঁৱত কালৰূপী বেঁকী নৈ খহনীয়া অব্যাহত ৰাখিছে যদিও তিনি চাৰি দিন ধৰি ভয়াবহ খহনীয়া সৃষ্টি কৰিছে নৈখনে।

খহনীয়াত কেইবাদিনৰ ভিতৰতে গাঁওখনৰ অৰ্ধশতাধিক পৰিয়ালৰ ভেটি-মাটি আৰু শ শ কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে বুলি খহনীয়াগ্ৰস্ত ৰাইজে জানিবলৈ দিয়ে। যাৰ ফলত খহনীয়াগ্ৰস্ত পৰিয়ালৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। ঠাই বিচাৰি নাপাই ৰাস্তাৰ লগতে খেতি  পথাৰৰ মাজতে আশ্ৰয় লৈছে বহু নিৰীহ পৰিয়ালে।

কিন্তু আজিকোপতি গাওঁখনৰ দুৰৱস্থা বুজ লবলৈ বহু চৰ্চিত স্থানীয় কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ লগতে স্থানীয় প্ৰশাসনেও সময় পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে।

ইফালে বাৰম্বাৰ গাঁওবাসীয়ে চৰকাৰৰ ওচৰত সংবাদ-মাধ্যমৰ যোগেদি  কাকুতি-মিনতি কৰিও আজিলৈকে কোনো সুফল নাপালে। শেষত উপায়হীন গাওঁবাসীয়ে মূখ্য মন্ত্ৰী সৰ্বান্দ সোণোৱাল আৰু জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সু-দৃষ্টি কামনা কৰিছে লগতে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিবলৈ দুৰ্ভোগীয়া পৰিয়াল সমূহে অনুৰোধ জনাইছে।