বঢ়মপুৰঃ হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহিল গাঁৱৰ মহিলা। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ এন আৰ এল এমৰ উদ্যোগত মহিলা আত্ম সহায়ক গোট আৰু পঞ্চায়ত সমিতিৰ সহযোগত গাঁও সভা মঙলবাৰে অনুষ্ঠিত হৈ যায়।

প্ৰতিটো পঞ্চায়তৰ পৰা প্ৰায় ৭০০ গৰাকীকৈ মহিলাই হাতত প্লে কাৰ্ড লৈ সজাগতা সমদল উলিয়ায়। বামুনী পঞ্চায়তৰ দায়িত্বত থকা কেৰেলাৰ পৰা অহা এন আৰ এল এম ৰ মেন্টৰ চচিকলা আৰংগঠেয়ে প্ৰতিটো পঞ্চায়তত গাওঁসভা অনুষ্ঠিত কৰি চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনি সমুহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হ'ব বুলি কয় ।

পঞ্চায়ত সমূহত বছৰেকত চাৰিবাৰকৈ এই গাওঁ সভা আয়োজন কৰিব লাগে যদিও পঞ্চায়ত সচিবৰ অনুমতি নথকা বাবে এখনো সভা অনুষ্ঠিত কৰা নহয় বুলি আত্ম সহায়ক গোটৰ মহিলা সদস্য সকলে অভিযোগ উত্থাপন কৰে৷