22
Sep
2017

বালিপৰাঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাত যেন ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। ৰঙাপৰাৰ কলনী চাহ বাগিছাত বিগত এসপ্তাহে ধৰি কৰি থকা বনৰীয়া হাতীৰ উপদ্ৰৱত বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে গঞা ৰাইজ।
বাগিছা খনত বিগত এসপ্তাহ ধৰি ৪/৫ জনীয়া এটা হাতীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে। একেদৰে বৃহস্পতিবাৰে নিশাও হাতীৰ জাকটোৱে বাগিছাখনত প্ৰৱেশ কৰি ভোলা কৰ্মকাৰ আৰু মিনা তাঁতীৰ ঘৰ সম্পূৰ্নকৈ ভাঙি চূৰমাৰ কৰাৰ লগতে বহুকেইজন দৰিদ্ৰ কৃষক শ্ৰমিকৰ কেইবা বিঘা ধানৰ খেতি লণ্ডভণ্ড কৰে।
ইমানখিনি অনিষ্ট সাধন কৰাৰ পাছতো এতিয়ালৈকে বন বিভাগে কোনো পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।