
নামতিঃ পৰিৱৰ্তনৰ শ্ল'গান লৈ ৰাজ্যৰ বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ এটা বছৰ পাৰ কৰিলে৷ কিন্তু গ্ৰামাঞ্চলৰ বাট পথ আৰু পঞ্চায়তীৰাজ ব্যৱস্থাৰে চৰকাৰখনে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাহে পৰিলক্ষিত হৈছে৷ গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ন হৈছে যদিও ৰাইজৰ প্ৰতিনিধিৰ ক্ষমতা আৰু টকাৰ খকত চৰকাৰী পুঁজিৰ ব্যাপক লুণ্ঠন হৈছে।
তাৰ এক দৃশ্য উন্মোচিত হ'ল শিৱসাগৰ জিলাৰ নামতি বৰফুকন গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলপানী আদৰ্শ খামোন গাঁৱত। স্বাধীনোত্তৰ ৭০ টা বছৰ অতিক্ৰম কৰাৰ পিছতো গাঁওখনৰ যাতায়াত ব্যৱস্থা উন্নত হৈ নুঠিল। একাঠু বোকা আৰু বিধ্বস্ত পথে জ্বলা কলা দেখুওৱা গাঁওবাসীয়ে পৰিৱৰ্তনকামী চৰকাৰলৈ আশাৰে বাট চাই আছিল যদিও উন্নয়নৰ আশা নেদেখিল।
সেয়ে স্থানীয় ৰাইজ একত্ৰিত হৈ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। স্থানীয় মহিলাসকলে হাতে হাতে কোৰ দা লৈ ৰাজপথলৈ ওলাই আহি মৰণফাণ্ডত পৰিণত হৈ থকা বিধ্বস্ত পথতোৰ মেৰামতিত নামি পৰে। পথটোৰ ওপৰত থকা মৰণফাণ্ডসদৃশ বৃহৎ বৃহৎ গাতবিলাক মেৰামতি কৰি যাতায়াতৰ সুচল কৰি তোলে।
উল্লেখ্য যে, পথটোৰ উন্নয়নৰ কাৰণে নাজিৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰফুকন গাঁও পঞ্চায়তলৈ দুটা শিতানত প্ৰায় ৭ লাখ ৫০ হাজাৰ টকা অনুমোদিত হৈছিল যদিও পঞ্চায়ত সভাপতি বলু বৰুৱা আৰু নাজিৰা উন্নয়ন খণ্ডৰ বিষয়া জয়ন্তী বৰা আৰু একাংশ চৰকাৰী বিষয়াই বৃহৎ ধন দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে। পথটোৰ শিলৰ বাবে অহা পুঁজি হৰলুকি কৰাৰ অভিযোগ উঠাৰ লগতে এই ক্ষেত্ৰত তদন্তৰ বাবে জিলা উপায়ুক্তক অভিযোগ দিয়াৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে৷
আনহাতে স্থানীয় মহিলাসকলে সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ ছাঁটোকে আজিপৰ্যন্ত দেখা পোৱা নাই বুলি প্ৰকাশ কৰা লগতে সমষ্টিৰ উন্নয়নত ব্যৰ্থ হোৱাৰ অভিযোগ আনে। ক্ষোভিত ৰাইজে বিধায়ক দেৱব্ৰত শইকীয়া মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি শীঘ্ৰে পথটোৰ দুৰ্নীতি তদন্ত কৰিবলৈ দাবী জনোৱাৰ লগতে যাতায়াত সুব্যৱস্থা কৰিবলৈ দাবী জনায়।