ওদালগুৰিঃ নামনি অসমৰ প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ড পৰ্যটন দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা৷ স্থানীয় ৰাইজ, বিধায়ক, প্ৰশাসন সকলোৱে ব্যাপক ব্যস্ত হাজাৰ হাজাৰ লোকক আদৰিবলৈ৷ ওদালগুৰিৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰাক আগুৱাই নিয়াৰ লগতে বাণিজ্যৰ ক্ষেত্ৰত নতুন সূত্ৰ নিৰ্ধাৰণ কৰি ওদালগুৰিক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ চুবুৰীয়া দেশ ভূটান, চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু চুবুৰীয়া জিলা কেইখনৰ সৈকে ব্যৱসালৰ নতুন দিশ নিৰ্ণয়়ৰ বাবে পৰ্যটন মহোৎসৱ অনুষ্ঠিত হ'ব।

বেহা-বেপাৰ, কৃষিৰ  উৎপাদিত সামগ্ৰী, মহিলাই বোৱা কাপোৰ, জনজাতিয় খাদ্য, বস্ত্ৰৰ এখন উপয়ুক্ত বজাৰৰ গঢ়াৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ উত্তৰে অসম-অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ত্ৰিৱেণীসংগমস্থলীত ভৈৰৱকুণ্ড বনভোজস্থলীত অনুষ্ঠিত হ’ব এই উৎসৱ৷ নতুন বছৰৰ সময়ছোৱাত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ডৰ বুকুত ইতিমধ্যে প্ৰতিদিনে হাজাৰ হাজাৰ লোক সমবেত হয়৷ প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটক অহা পৰিলক্ষিত হৈছে।

বনভোজস্থলীৰ পৰা কিছু নিলগত অৱস্থিত ভূটান প্ৰদেশলৈ অনায়সে গৈ ভূটানৰ লোকসকলৰ জনজীৱনৰ বিষয়ে জানিব পাৰি। আনহাতে অসমৰ গাতে লাগি থকা ভূটানৰ জমোতস্বাংখা জিলাৰ ওলোমা দলংখনেও প্ৰকৃতিপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। ওলোমা দলংখনত উঠি সমগ্ৰ ভৈৰৱকুণ্ড বনভোজস্থলীৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পৰা যায়। যিকোনো নাগৰিক প্ৰকৃতিপ্ৰেমীয়ে এই মনোমোহা পৰিৱেশ অনায়সে উপভোগ কৰিব পাৰে।

ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ সমিতিৰ উদ্যোগত আৰু বিটিচিৰ পৰ্যটন বিভাগৰ সহযোগত ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বুঘধবাৰৰ পৰা ভৈৰৱকুণ্ড পৰ্যটন কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত হ’ব। মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৭জানুৱাৰীৰ পুৱা মহোৎসৱৰ পতাকা উত্তোলন কৰিব বিটিচি অধ্যক্ষ তথা  মহোৎসৱৰ কাৰ্যকৰী সভাপতি ত্ৰিদীপ দৈমাৰীয়ে৷ পুৱা ১০বজাত মহোৎসৱ উদ্বোধন কৰিব মন্ত্ৰী তথা মহোৎসৱৰ সভাপতি ৰিহন দৈমাৰীয়ে৷

দিনৰ ১১.৩০ বজাত ভাৰত-ভূটানৰ সামৰিক বাহিনীৰ মাজত প্ৰদৰ্শনীমূলক ভলীবল, বিয়লি ২ বজাত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ১৮জানুৱাৰীৰ পুৱা ৫বজাত অৰ্ধ মাৰাথন দৌৰ, ৯বজাত ৰাজ্যিক ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, ১০বজাত ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, ১০.৩০ বজাৰ পৰা ক্ৰমে মহিলা কাবাডী খেল আৰু ভলীবল খেল, দিনৰ ১২বজাত  'স্বাস্থ্যৱান সামাজিক পৰিৱেশ গঠনত যুৱক-ছাত্ৰ সমাজৰ ভূমিকা' শীৰ্ষক বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব৷ আবেলি ৫ বজাত পৰম্পৰাগত সাজপাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

১৯জানুৱাৰীৰ পুৱা ১০ বজাত পৰম্পৰাগত খাদ্য ৰন্ধন প্ৰতিযোগিতা, ১২ বজাত 'বনজ সম্পদ ধ্বংস আৰু ইয়াৰ পৰিনাম, সমাজৰ ভূমিকা' শীৰ্ষক বিষয়ত আলোচনা চক্ৰ, বিয়লি ৪বজাত সেনা বাহিনীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। ২০ জানুৱাৰীৰ পুৱা ১০ বজাত ভূটান-অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক দলৰ সৈতে স্থানীয় সাংস্কৃতিক দলৰ ঐক্য সাংস্কৃতিক অনুষ্ঠান, বিয়লি ২ বজাত ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ সামৰণি অনুষ্ঠান মুকলি কৰিব অসম পৰ্যটন উন্নয়ণ ব'ৰ্ডৰ সভাপতি জয়ন্তমল্ল বৰুৱাই।

অনুষ্ঠানতে ষষ্ঠবাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ স্মৰণিকা "ভৈৰৱকুণ্ড" উন্মোচন কৰিব বড়ো সাহিত্য সভাৰ সম্পাদক নিলকান্ত গৈয়াৰীয়ে। সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে ভাৰত-ভূটানৰ আন বহু বিশিষ্ট ব্যক্তিয়ে৷ সন্ধিয়া ৫বজাত সাংস্কৃতিক অনুষ্ঠিত হ’ব।