কামপুৰঃ দেওবাৰে নগাঁৱৰ কঠিয়াতলীত এটি আহত শগুণ উদ্ধাৰ কৰে একাংশ লোকে৷ কঠিয়াতলীৰ ৰেংবেঙত উদ্ধাৰ হয় এটা দূষ্প্ৰাপ্য প্ৰজাতিৰ শগুণটো।

ৰেংবেঙৰ গোবিন সাহা নামৰ এজন লোকৰ ঘৰৰ টিনত পৰি আছিল শগুণটো। পাছত বন বিভাগৰ লোকে আহত শগুণটো বন কাৰ্যালয়লৈ আনি চিকিৎসা প্ৰদান কৰে। বৰ্তমান শগুণটো সুস্থ হৈ উঠিছে বুলি জানিবলৈ দিয়ে বন বিভাগে।