লাহোৱালঃ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ অনুপম সৃষ্টিৰ চৰ্চা কৰিবলৈ এখন আইনা হৈছে বিদ্যালয় খনৰ প্ৰাচীৰ পত্ৰিকা খন৷ এই প্ৰচীৰ পত্ৰিকাৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভ কৰে কবিতা-সাহিত্যৰ চৰ্চা৷ লাহোৱালৰ মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ‍্যালয়ৰ ২০১৭ বৰ্ষৰ প্ৰাচীৰ পত্ৰিকা "মঞ্জৰ" আজি উন্নোচন কৰে।

প্ৰাচীৰ পত্ৰিকাখনি উন্নোচন কৰে লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি দ্বীপজয় শইকীয়াই। উন্মোচনী ভাষণত ভৱিষ‍্যতে বৌদ্ধিক দিশত প্ৰাচীৰ পত্ৰিকাই কেনেদৰে আগবঢ়াই নিব পাৰে তাক উল্লেখ কৰে।

অনুষ্ঠানটিত উপস্থিত থাকি ভাষণ আগবঢ়ায় বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ কেশৱ দত্ত, লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক ধৰনী গগৈ আৰু আৰু একেখন বিদ্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষ‍্য হিৰণ্য গোঁহাই সেনাপতিয়ে।

তিনিওজনক ফুলাম গামোছাৰে আদৰণি জনাই প্ৰাচীৰ পত্ৰিকা সম্পাদিকা নিতুমণি নাথ, সদস‍্যা দীপশিখা দত্ত আৰু প্ৰতিভা মেচে। অনুষ্ঠানটোৰ আঁতধৰে প্ৰাচীৰ পত্ৰিকাখনৰউপদেষ্টা সঞ্জয় দত্ত‌ই। কাৰ্যসূচীত বিদ্যালয়ৰ অধ‍্যক্ষা মৰ্জিনা গগৈকে প্ৰমূখ‍্য কৰি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী উপস্থিত থাকে।