ডিব্ৰুগড়ঃ আহোম, চুতীয়া, কোচ, বড়ো, কাৰ্বি, মিচিং, ৰাভা, ঠেঙাল আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এইখন অসম। নানা জাতী-জনগোষ্ঠীৰ ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উচ্চ-নীচৰ ভেদাভেদ পাহৰি আমি অতীজৰে পৰা এক হৈ আছো৷ শংকৰ-আজানৰ এই দেশত কাহানিও সাম্প্ৰদায়ীকতাৰ স্থান নাছিল৷ বহু সময়ত ইটো জাতী-জনগোষ্ঠীৰ বিৰুদ্ধে সিটো জাতী-জনগোষ্ঠীৰ মাজত যুজ লগাব বিছাৰে যদিও ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হৈ থকাৰ বাবে লেতেৰা ৰাজনীতি কৰা লোকসকল সফল হ’ব নোৱাৰে৷ তাৰ মাজতে বিহু, ঈদ, পূজাৰ দৰে উৎসৱ সমূহে আমাক বেছি ওচৰলৈ লৈ আহে৷

এই উৎসৱ বোৰৰ পৰা ভাতৃত্ববোধ অধিক টনকীয়াল হয়৷ বিজয় দশমী৷ শনিবাৰৰৰ দিনটো শাৰদীয় দুৰ্গা পূজাৰ অন্তিম দিন আছিল৷ ৫ দিনৰ বাবে মৰতত অৱতাৰ কৰি দেৱী দুৰ্গা শুকুৰবাৰে উভতি গ’ল৷ প্ৰতিগৰাকী দেৱী ভক্তৰ অন্তৰত শনিবাৰে বাজিল বিৰহ-বেদনাৰ গান৷ চৌদিশে তাল-খোল, শংখ বজাই দেৱী দুৰ্গাক বিদায় দিয়ে লাখ লাখ ভক্তই৷ অশ্ৰুশিক্ত নয়নে দেৱীৰ প্ৰতিমা বিসৰ্দন দিলে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ভক্তসকলে৷ ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণ দিয়াৰ ফলত পূজাৰ আনন্দ কিছু ম্লান পৰে যদিও বিজয়া দশমীৰ বাবে ওলাই আহে দেৱী ভক্তসকল৷

তাম মাজতে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৱে দাঙি ধৰিলে ভাতৃত্ববোধৰ বিৰল নিদৰ্শন৷ আমছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে দূৰ্গা পূজাৰ উপলক্ষে বকুল অাৰু ডিকমত হাজাৰ হাজাৰ দুৰ্গা দেৱীৰ ভক্তক বিশুদ্ধ খোৱা পানী-চৰবত খুৱাই৷ জানিব পৰা মতে, সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ উপদেষ্টা ছফিৰ অালম খান অাৰু সভাপতি ইমটিয়াজ অালিৰ নেতৃত্বত তথা ডিব্ৰুগড় জিলাৰ বিভিন্ন অাঞ্চলিক সমিতিৰ সহযোগত বিভিন্ন পূজা মণ্ডপৰ সমীপত ৰাইজক দুৰ্গা পূদাৰ ৫ দিনেই বিশুদ্ধ খোৱা পানী যোগান ধৰি অহা পৰিলক্ষিত হয়৷

লাহোৱাল সমষ্টি বিধায়ক ঋতুপৰ্ণ বৰুৱাই নিজেই উপস্থিতত হৈ দেৱী দৰ্শন কৰি বিশুদ্ধ খোৱা পানী শেৱন কৰি সংগঠটোক ধন্যবাদ জনায় ৷ আনহাতে আমছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ইমটিয়াজ আলিয়ে আমি শংকৰ-আজানৰ দেশত বসবাস কৰিছো গতিকে আমি সকলো ঐকবদ্ধ তথা অসমত বসবাস কৰা অামি খিলঞ্জীয়াই মৰম চেনেহ অান্তৰিকতাৰে থাকিব লাগিব বুলি কয়৷ দুৰ্গা পূজাৰ শেষ দিনটোত ৰাইজৰ সহাৰি তথা মৰম আৰ্শীবাদ পাই তেওঁৰ অভিহিত হোৱা বুলি কয়৷ অামছুক এই কাৰ্যৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই ধন্যবাদ জনায়৷