newsnextone.com | ডিমাকুছিঃ বাক্সা-ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত তীব্ৰ জলসংকটে দেখা দিছে৷ ভাৰত-ভূটান সীমান্তৰ শ-শ গাঁও জলসংকটত পৰাৰ ফলত হাজাৰ হাজাৰ লোকে খোৱাপানীৰ সমস্যাত পৰিছে৷ পানী বিচাৰি নৈৰ বুকু খান্দি খোৱাপানীৰ সন্ধান কৰিব লগা হৈছে সীমান্তৰ গঞাই৷

মানুহে জলসংকটত পৰাৰ লগতে জলসংকটত পৰিছে পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হতীৰ জাকে৷ সীমান্তৰ বিভিন্ন চাহ বাগিচাত থিতাপি লৈ থকা বনৰীয়া হাতী জাকসমূহে জলসংকট পৰিছে৷ ওদালগুৰি জিলাৰ ডিমাকুছিত থিতাপি লৈ থকা হাতীৰ জাকে জলসংকটত পৰা বুলি খবৰ আহিছে৷ কেইবাখনো গাঁৱৰ ৰাইজে হাতীৰ জাকে পানীৰ সংকটত পৰা বুলি অৱগত কৰে৷ ভূটানৰ পাহাৰৰ পৰা বৈ অহা নৈ, জান ইত্যাদিৰ লগতে কুৱা আৰু পুখুৰী সমূহ শুকাই যোৱাৰ ফলত মানুহৰ লগতে পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে জলসংকটত পৰিছে৷

ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহ বনৰীয়া হাতীৰ লগতে আন আন জীৱ-জন্তুৰ বিছৰনথলী খ্যাত৷ খাদ্যৰ সন্ধানত বৰনদী অভয়াৰণ্য তথা ননৈ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে অভয়াৰণ্যলৈ যোৱাৰ পৰিৱৰ্তে থিতাপি লয় নামনিৰ হাবি তথা চাহ বাগিচাসমূহত৷ 

দিনটো চাহবাগিচাত পোৱালীৰ সৈতে থিতাপি লৈ থাকি বেলি ডুবাৰ লগে লগে গাঁওসমূহত দলে-বলে প্ৰৱেশ কৰে হাতীৰ জাক সমূহে৷ অৱশ্যে চাহ বাগিচাত থিতাপি লৈ থকা হাতীৰ জাকে কেঁচা চাহপাত ছিঙি থকা শ্ৰমিকৰ ক্ষতি নকৰে৷ আনহাতে পানীৰ সংকটত পৰা বনৰীয়া হাতীৰ জাকক খোৱাপানী যোগান ধৰিছে সীমান্তৰ এখন চাহ বাগিচাই৷ 

সীমান্তৰ হাতীগড় চাহ কোম্পানী কৰ্তৃপক্ষই যোৱা কেইবাদিন ধৰি বনৰীয়া হাতীৰ জাকক পানী যোগান ধৰিছে৷ নৈ-জানৰ পানী শুকাই অহাৰ ফলত এতিয়া বনৰীয়া হাতীক খোৱাপানীৰ সংকটৰ পৰা ৰক্ষাৰ চেষ্টা কৰিছে হাতীগড় চাহ কোম্পানীয়ে৷ যি কাম কৰিব লাগিছিল বন বিভাগে৷ বন বিভাগৰ কাম চাহ কোম্পানীয়ে কৰি এয়া এক বিৰল নিদৰ্শন দাঙি ধৰিছে বুলি কয় ৰাইজে৷ 

হাতীগড় চাহ কোম্পানীয়ে বাগিচাৰ মাজত পানীৰ বৃহৎ টেংকী বহাই পানীৰ ভৰ্তি কৰে ৰাখে৷ পুৱাৰে পৰা বনৰীয়া হাতীয়ে টেংকীটোৰ সমীপত ভিৰ কৰা দেখা যায়৷ চাহ কৰ্তৃপক্ষই নিতৌ টেংকীত পানী ভৰাই হাতীৰ জাকৰ বাবে৷ হাতীগড় চাহ কোম্পানীৰ এনে কাৰ্যক প্ৰশংসা কৰে প্ৰকৃতিপ্ৰেমী সংগঠনে৷