
বাহকাবাৰীঃ নগাঁও জিলাৰ কামপুৰৰ দেৱনাৰিকলি এখন বৃহৎ জনবসতি পূৰ্ণ অঞ্চল। এই অঞ্চলত বহুবছৰ আগতে কঠিয়াতলি উন্নয়ন খণ্ডৰ এলেকাত অসম চৰকাৰৰ জন স্বাস্থ্য বিভাগে স্থাপন কৰিছিল জনসাধাৰণৰ বাবে খোৱা পানীৰ প্ৰকল্প।
কিন্তু কেইটামান বছৰ অতিক্ৰম কৰাৰ পাছতে দেৱনাৰিকলি খোৱা পানীৰ প্ৰকল্পটো বগাহাতীত পৰিণত হ'ল। এই বৃহত্তৰ এলেকাৰ জনসাধাৰণে ২০১৬ বৰ্ষৰ পৰাই কপিলী নদীৰ পানীৰেই অ-স্বাস্থকৰ পৰিবেশত দুষিত পানী সেৱন কৰি আহিছে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দেৱনাৰিকলি জন স্বাস্থ্য কাৰিকৰী বিভাগৰ খোৱা পানীৰ প্ৰকল্পটো ভালদৰেই চলি আছিল।
কিন্তু বিভাগীয় কতৃপক্ষৰ অৱহেলাত প্ৰকল্পটো বন্ধ হৈ পৰিছিল। তাৎপৰ্য্যপূৰ্ণ যে বিভাগীয় কতৃপক্ষই ৰাইজক জানিবলৈ দিয়ে যে এই প্ৰকল্পৰ পানী ফ্ল'ৰাইড যুক্ত।
সেয়ে বন্ধ কৰি দিয়া হৈছে পানীৰ যোগান। বৰ্তমান প্ৰকল্পটোৰ গৃহ সমূহ পৰিণত হৈছে ভূতৰ আৱাস গৃহলৈ। জহি খহি গৈছে প্ৰকল্পৰ সা-সজুঁলি।
বিভাগীয় কৰ্তৃপক্ষই প্ৰকল্পটোৰ যন্ত্ৰাংশ সমূহ লৈ যোৱা বুলি কৈ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনে কৰ্ম কাণ্ডই দুখীয়া ৰাইজৰ চকু কপালত তুলিছে।
পৰিৱৰ্তনকামী চৰকাৰক অসম চৰকাৰৰ জনস্বাস্থ্য কৰিকৰী বিভাগৰ খোৱা পানীৰ প্ৰকল্পৰ যন্ত্ৰাংশ সমূহ হৰলুকী হোৱাৰ তদন্ত কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি পানীৰ যোগান অব্যাহত ৰাখিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।