উৰিয়ামঘাটঃ অগপ, বিজেপি, বিপিএফ মিত্ৰদলৰ চৰকাৰে অসমৰ সীমামূৰীয়া অঞ্চলৰ উন্নয়ণ, সুৰ৭া দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে৷ বিশেষকৈ অসম নাগালেণ্ড সীমান্তৰ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷

বিশেষকৈ ৰাজ্য চৰকাৰ খনে বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখ নাযায়৷ পৰিবৰ্তনৰ কথাকৈ ভোট লৈ চৰকাৰ গঠন কৰা তিনিটা দলে আজিও ৰাইজৰ সমস্যাক গুৰুত্ব আৰোপ নকৰি লেতেৰা ৰাজনীতি হে কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ পৰিবৰ্তনৰ কথা কৈ ভিআইপিত পৰিণত হোৱা মন্ত্ৰী-বিধায়কসকলে এতিয়া সীমান্তৰ ৰাইজৰ খবৰ লবলৈ আহৰি নোপোৱা হ’ল৷ দৰিদ্ৰ, শ্ৰমিকৰ সমস্যাক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ নিৰ্বাচনৰ যোৱাৰ পিছতেই অতি সম্ভ্ৰান্ত হৈ পৰা মন্ত্ৰী-বিধায়কসকল এতিয়া হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে৷

গ্ৰাম্য অঞ্চলৰ লোকসকলে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ বটলৰ পানী কিনি খোৱা মন্ত্ৰী, বিধায়ক, বিষয়াই গাঁৱৰ লোকৰ খোৱা পানীৰ সমস্যাৰ কথা বুজিবলৈ সময় নাই৷ কিয়নো তেওলোকে প্ৰায়ে বটলৰ হে পানী সেৱন কৰে৷ পানীয়ে মানুহৰ প্ৰাণ৷ আহাৰ নখোৱাকৈ এসপ্তাহ পৰ্যন্ত থাকিব পাৰি, কিন্তু পানী নখোৱাকৈ তিনি দিনো থকা অসম্ভৱ৷ কিন্তু সেইবুলি পুখুৰী, নদী অথবা নলাৰ পানীও নিশ্চয় খাব নোৱাৰি৷ বিশুদ্ধ পানীৰ নামত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰিছে যদিও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অসম-নাগালেণ্ড সীমান্তত৷

স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম কৰাৰ পাছতো এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে সীমান্তৰ উৰিয়ামঘাটবাসীয়ে। অঞ্চলটোৰ পানীত প্ৰচুৰ পৰিমানে অায়ৰন, তেলজাতীয় পদাৰ্থই জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অানিছে। উৰিয়ামঘাটৰ মাজ মজিয়াৰ কেন্দ্ৰীয় সংৰক্ষীত বাহিনীৰ জোৱানসকলে প্ৰায় পোন্ধৰ কি’লমিটাৰ অাঁতৰৰ ঘোলাপানী নামৰ ঠাইৰ পৰা গাড়ীৰে পানী অানি খাব লগা হৈছে। উৰিয়ামঘাটৰ ব্যবসায়ী অাৰু চুবুৰীয়া কেইবাখনো গাঁৱৰলোকে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে। জয়াপথাৰ পানীযোগান অাঁচনি দুুবছৰ ধৰি বন্ধ হৈ থকাত প্ৰায় ৩৫০টা পৰিয়াল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হয়।