চৈখোৱাঃ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত আপুনি দুটি পানীৰ টেংকী দেখিছে নহয়৷ এই টেংকীকেইটাৰ মুল্য ২ লাখ ১৫ হাজাৰ টকা৷ ৰাজ্য চৰকাৰে ঠিকাদাৰৰ হতুৱাই এটি লোহাৰ ফ্ৰেমত বহুৱাইছিল টেংকী দুটা৷ ভিতৰত সাধাৰণ এটি ফিল্টাৰ বহুৱাই বৰষুণৰ পানী পৰিস্কাৰ কৰি ছাত্ৰ-ছাত্ৰীক খুৱাবৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছিল চৰকাৰে৷ কিন্তু আপুনি যদি যিকোনো এখন বিদ্যালয়ত গৈ ছাত্ৰ-ছাত্ৰীক সোধে কেতিয়াবা তাৰ পৰা পানী খাই পাইছেনে৷ তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ দিব, নাই বুলি৷

বিদ্যালয় গৃহৰ টিনৰ পানী টেংকীত পেলায় বৰষুণৰ পানীৰ সংৰক্ষণৰ বাবে এই আঁচনি লৈছিল চৰকাৰে৷ তৰুন গগৈ নেতৃত্বাধীন তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ বিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ বাবে ৰূপায়ণ কৰা এই আঁচনি এতিয়া ধোৱা চাঙত৷ ৰাজকোষৰ লাখ লাখ টকা উদং কৰি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত ৰূপায়ণ কৰা এই আঁচনি এতিয়া বেবৰিবাং লাংপাং হৈ পৰিল৷

ৰাজ্য চৰকাৰে বিদ্যালয় সমূহত বৰষুণৰ পানী সংৰক্ষণ কৰি পৰিশোধনৰ পাছত ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰৰ বাবে উপযোগী কৰিবৰ বাবে ৰূপায়ন কৰা এই আঁচনি সফল ন’হল৷ কিয়নো ৰাজ্যৰ বেছি ভাগ বিদ্যালয়ৰে সীমাৰ দেৱাল নাই৷  যিকোনো লোকে ভিতৰত সোমাই টেংকৰ টেপ খুলি থৈ যোৱাৰ ফলত পানী পৰি শেষ হৈ থাকে৷ আনুহাতে টেংকী সমূহ চাফ-চিকুণ কৰাৰ কোনো ব্যৱস্থা নকৰিলে চৰকাৰে৷ যাৰ বাবে এতিয়া বিদ্যালয়ৰ চৌহদৰ কোনোবা এটা ঠাইত এতিয়া এনেয়ে পৰি থাকিল টেংকী দুটা৷

সম্প্ৰতি তিনিচুকীয়া জিলাৰ তালাপ ছৈখোৱাকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাত ভেকোভাওনাত পৰিণত হ’ল এই আঁচনি৷ জনস্বাস্থ্য কৰিকৰী বিভাগে ২০১০-২০১২ বৰ্ষত প্ৰতিখন প্ৰাথমিক বিদ্যালয়তে ছাত্ৰ-ছাত্ৰী সকলক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে প্ৰতিখন বিদ্যালয়তে প্ৰায় দুই লাখ পোন্ধৰ হেজাৰ টকা ব্যয় সাপেক্ষে পাঁচ হেজাৰ লিটাৰৰ দুটা টেংকিৰ সৈতে ফিল্টাৰ সংযুক্ত কৰি দুটা লোহাৰ ফ্ৰেমত সংস্থাপন কৰা হৈছিল।

কিন্তু অতি পৰিতাপৰ কথা ২০১০-২০১২ চনতে স্থাপন কৰা একাংশ বিদ্যালয়ত ফিল্টাৰ যুক্ত এই পানী টেংক সমূহ আজিও কাৰ্যক্ষম হৈ নুঠিল। ঠিকাদাৰে আহি বিদ্যালয় সমূহত পৰিশোধন বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থাটো স্থাপন কৰি যোৱাৰে পৰা তেনেদৰে পৰি থকাত চৰকাৰৰ কোটি কোটি টকা পানীত পৰা বুলি ৰাইজে মত পোষণ কৰিছে। আনহাতে বিগত ছয়টা বছৰে এই আচনি কাৰ্যক্ষম হৈ নুঠাত বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে অতি অস্বাস্থ্যকৰ ভাবে পোনে পোনে দমকলৰ পৰা সংগ্ৰহ কৰা পানী ব্যৱহাৰ কৰিব লগীয়াত পৰিছে। এই আঁচনিৰ জৰিয়তে কোটি কোটি টকাৰ লুষ্ঠন হোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷