ডিজিটেল ডেস্কঃ কেৰেলাত তৰমুজ লৈ অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিল কলেজীয়া ছাত্ৰী৷ কেৰেলাৰ কোঝিকোড় স্থিত ফাৰুখ মহাবিদ্যালয়ত অধ্যাপকে মুছলমান ছাত্ৰীক লৈ দিয়া অশোভনীয় মন্তব্যৰ বাবে সোমবাৰে মহাবিদ্যালয়ৰ ছাত্ৰীয়ে ষ্টুডেণ্ট ফেডাৰেছন অফ ইণ্ডিয়াৰ নেতৃত্বত প্ৰতিবাদেৰে মুখৰ কৰি তোলে কলেজ চৌহদ৷ 

জানিব পৰা মতে, ফাৰুখ কলেজৰ জৌহৰ মুনব্বিৰ নামৰ অধ্যাপকে অনুষ্ঠানত ভাষণ প্ৰদান কৰোঁতে মুছলিম ছোৱালীৰ সাজপাৰ পৰিধানকলৈ বিতৰ্কিত মন্তব্য কৰে৷ অধ্যাপক গৰাকীয়ে কয়, বৰ্তমান মহিলা সকলে সাজপাৰ ভালদৰে পৰিধান নকৰে৷ মহিলাসকলে জানি-বুজিয়ে শৰীৰৰ অংশ বিলাক প্ৰদৰ্শন কৰে বিক্ৰীৰ বাবে গ্লাছৰ ভিতৰত সুন্দৰকৈ সজাই ৰখা তৰমুজৰ দৰে৷ মুনব্বিৰে লগতে কয়, ফাৰুখ কলেজৰ ৮০শতাংশ ছাত্ৰ-ছাত্ৰীয়ে মুছলিম৷ ইয়াৰে ছাত্ৰীসকলে পৰ্দা পৰিধান কৰে যদিও সম্পূৰ্ণকৈ দেহটো আবুৰত নাৰাখি একাংশ উন্মুক্ত কৰি ৰাখে আনৰ দৃষ্টিগোচৰ কৰিবলৈ৷ 

তদুপৰি মোপ্তাহ পৰিধান নকৰি মূৰৰ অংশ স্কাৰ্ফেৰে ঢাকি ৰাখে৷  জৌহৰে মহিলাৰ বুকুৰ অংশক লৈও মন্তব্য কৰে৷ তেওঁ কয়, মহিলাৰ বুকুৰ অংশটো পুৰুষৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ যাক মুছলমান মহিলাসকলে ঢাকি ৰাখিবলৈ শিকাই আহিছে৷ এনেদৰে মহিলাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে মহাবিদ্যালয়ৰ ছাত্ৰীসকলে তৰমুজ দলিয়াই কলেজৰ সন্মুখত বিক্ষোভ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী ছাত্ৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে বুলি জানিব পৰা গৈছে৷  

উল্লেখ্য যে, অধ্যাপক গৰাকীৰ এনে বিতৰ্কিত মন্তব্যৰ বাবে শাস্তিমূলক ব্যৱস্থা ল’বলৈ অধ্যক্ষৰ ওচৰত আহ্বান জনাই প্ৰতিবাদী ছাত্ৰীসকলে৷ কিন্তু তিনিমাহৰ পূৰ্বে জৌহৰ মুনব্বিৰে মহাবিদ্যালয়ৰ বাহিৰত এনে মন্তব্য প্ৰদান কৰাৰ বাবে কলেজ কৰ্তৃপক্ষই কোনো ব্যৱস্থা ল’ব নোৱাৰে বুলি কয় অধ্যক্ষ চিএ জৱাহৰে৷