newsnextone.com। ডিজিটেল ডেস্কঃ
হোৱাটছ এপলৈ উচ্চতম ন্যায়ালয়লে প্ৰেৰণ কৰিছে এক বিশেষ জাননী। ইতিমধ্যে এই জাননীখন উচ্চতম ন্যায়ালয়ে তথ্য-প্ৰযুক্তি আৰু বিত্ত মন্ত্ৰণালয়লৈও প্ৰেৰণ কৰিছে। 

হোৱাটছ এপে আজি পৰ্যন্ত গ্ৰাহকসকলৰ অভিযোগ গ্ৰহণ আৰু সমাধানৰ বাবে নিযুক্তি দিয়া নাই কোনো বিষয়া। বহু হোৱাটছ এপ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ অভিযোগ দাখিল কৰিবলৈ নাই বৰ্তমানলৈকে সঠিক ব্যৱস্থা। 

সেয়েহে বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিছে জাননীখন। ৪ সপ্তাহৰ ভিতৰত হোৱাটছ এপৰ লগতে কেন্দ্ৰ চৰকাৰেও এই জাননীৰ উত্তৰ দিব লাগিব।

উল্লেখযোগ্য যে, ভাৰতত এই ব্যৱস্থা নাথাকিলেও হোৱাটছ এপ ব্যৱহাৰকাৰীৰ বাবে আন দেশত তেওঁলোকৰ অভিযোগ গ্ৰহণ আৰু সমাধানৰ বাবে এনে বিষয়া নিযুক্তি দিয়ে হোৱাটছ এপ গ্ৰুপে।