মৰিয়নীঃ যোৰহাটৰ প্ৰাক্তন উপাযুক্ত ছোলাংকি বিশাল বসন্তক আনটাইড ফাণ্ড কেলেংকাৰিৰ তদন্তলৈ অনাৰ দাবীত প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে গণ অধিকাৰ সংগ্ৰাম সমিতি, অসমে৷

সমগ্ৰ যোৰহাট জোকাৰি যোৱা বহু কোটি টকীয়া আনটাইড ফাণ্ড কেলেংকাৰিত জড়িত দুজন এচিএছ  বিষয়াৰ লগতে ঠিকাদাৰ উজ্জলজ্যোতি বৰাক গ্ৰেপ্তাৰ কৰে৷

কিন্তু দুৰ্নীতি সংঘটিত হোৱাৰ সময়ত যোৰহাটৰ উপায়ুক্ত হৈ থকা এতিয়াৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ছোলাংকিক উক্ত কেলেংকাৰীত তদন্ত আওতালৈ ননাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গণ অধিকাৰ সংগ্ৰাম সমিতি, অসমে।

পৰিৱৰ্তনকামী চৰকাৰে দুৰ্নীতিক প্ৰশ্ৰয় নিদিও বুলি কোৱাৰ পিছতো মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে কিয় আনটাইড ফাণ্ড কেলেংকাৰিৰ অভিযুক্ত ছোলাংকিক ব্যক্তিগত সচিবৰ পৰা অপসাৰণ কৰা নাই তাকে লৈ প্ৰশ্ন কৰিছে সমিতিয়ে৷

তদুপৰি প্ৰশাসনিক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে সমিতিয়ে। অসম গণ অধিকাৰ সংগ্ৰাম সমিতিৰ অভিযোগ মতে ছোলাংকি যোৰহাট উপায়ুক্ত হৈ থকাৰ কালত আনটাইড ফাণ্ড বিধান সভা উন্নয়ন পুঁজি সংসদীয় উন্নয়ন কল্পতৰুকে ধৰি বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ তথ্য চি এম ভিজিলেন্সৰ এজাহাৰ আৰু তথ্য জনাৰ আইনৰ জৰিয়তে জনা গৈছে।

এই কেলেংকাৰীৰ অভিযোগত অঞ্জনাভ চলিহা, বুবুল লেখাৰু আৰু উজ্জলজ্যোতি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ছোলাংকি বিশাল বসন্তক মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব কৰি ৰখাতো তাৎপয্যৰ বিষয় হিচাপে বিবেচিত হোৱা বুলি সমিতিয়ে উদ্বেগ প্ৰকাশ কৰে৷