নগাঁওঃ এযোৰ শৰালি হাঁহৰ দাম ষোল্লশ টকা ৷ সাধাৰণতে অবিশ্বাস্য যেন লাগিলেও কিন্তু ই একেবাৰে সঁচা । ৰাজ্যৰ চৌপাশে অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহুক কেন্দ্ৰ কৰি ব্যাপক ৰূপত সৃষ্টি হোৱা উখল-মাখল পৰিবেশৰ মাজতে হেপাঁহৰ উৰুকাৰ নিশা উদৰ পুৰাবলৈ এনে অকল্পনীয় আকাশলংঘী দামতেই বনৰীয়া চৰাই ক্ৰয় কৰিলে এচাম ভোজন বিলাসী মাংসলোভী লোকে ৷ 

প্ৰাপ্ত খবৰ মতে,বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাঁও পঞ্চায়তৰ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী বৰিবজাৰ আৰক্ষী চকীৰ এলেকাধীন কুঁজি,কুসুমবড়ি,ভেহুগুৰি,বহাবড়ি,বৰিবজাৰ,টুকটুকী,শিলপুখুৰী,ৰৌমাৰী,
আহোমগাঁও আদি অঞ্চলত আজি পুঁৱতি নিশাৰে পৰা বনৰীয়া পক্ষী ক্ৰয় কৰাৰ বাবে ভদ্ৰ সমাজৰ একাংশ লোকে যথেষ্ট ভিৰৰ সৃষ্টি কৰে ৷ 

গ্ৰাহকৰ এনে সমাগমৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি উক্ত অঞ্চলৰ এচাম প্ৰকৃতি বিৰোধী অসাধু ব্যৱসায়ীয়ে এযোৰ শৰালি হাঁহ ১০০০-১৬০০ টকা পৰ্যন্ত অতি চ’ৰা দৰত বিক্ৰী কৰা বুলি জানিব পৰা গৈছে ৷ তদুপৰি কাম চৰাই ৪৮০ টকা আৰু ঢেঁকৰ ৩৫০ টকা দামত বিক্ৰী কৰে এইবোৰ অসাধু ব্যৱসায়ীয়ে ৷ 

উল্লেখ্য,উপৰোক্ত অঞ্চলসমূহৰ দাঁতি কাষত অৱস্থিত কুঁজি বিললৈ প্ৰতি বছৰে শীতৰ কালছোৱাত বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে ৷ এনেদৰে পৰিভ্ৰমী পক্ষীৰ আগমনৰ অচিলা লৈ এচাম চোৰাং চিকাৰীয়ে বনৰীয়া পক্ষীৰ নিধন যজ্ঞ অব্যাহত ৰাখে আৰু গোপনে গঢ়ি তোলে উক্ত অঞ্চলবোৰত বন্য পক্ষীৰ বজাৰ ৷ 

গতিকে বিলখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এই বজাৰবোৰলৈ নিতৌ বনৰীয়া চৰাই ক্ৰয় কৰাৰ নিমিত্তে দুৰ-দূৰণিৰ পৰা যথেষ্ট গ্ৰাহকৰ আগমন ঘটে ৷ কিন্তু এইবাৰ অত্যাধিক গ্ৰাহকৰ সমাগমৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি অসাধু ব্যৱসায়ী তথা চোৰাং চিকাৰীহঁতে এনেদৰে গগণচুম্বী দৰত বনৰীয়া পক্ষী বিক্ৰী কৰা ঘটনাই বন বিভাগ তথা জিলা প্ৰশাসন নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি কিমান সচেতন তাক লৈ সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে ৷ আনকি,স্থানীয় বৰিবজাৰ আৰক্ষীয়ে এইক্ষেত্ৰত যি কাৰ্যকৰী ব্যৱস্থা হাতত ল’ব লাগিছিল,তাকে নকৰি ৰহস্যজনকভাবে নীৰৱ ভূমিকাহে পালন কৰাত সচেতন মহলে তীব্ৰ ভাষাৰে গৰিহনা দিছে।