10
Oct
2017

মুছলপুৰঃ ভাৰত-ভূটান সীমান্তত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাট৷ খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে সীমান্তৰ লোকৰ জীৱন আৰু সম্পত্তীৰ বিস্তৰ ক্ষতি কৰি আহিছে৷ তাৰ মাজতে সোমবাৰে নিশা তামুলপুৰ মহকুমাৰ নাগ্ৰিজুলী বজাৰত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই৷ বজাৰৰ সমীপৰ কেবাটাও পৰিয়ালৰ বাসগৃহ ভাঙে বনৰীয়া হাতীৰ জাকে৷
আনহাতে বনৰীয়া হাতীৰ জাকৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰে শিশু-মহিলা সহ কেইবাজনো লোক৷ বিটিএডিৰ ওদালগুৰি, বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী বিভিন্ন ঠাইত যোৱা কেবাটাও জশক ধৰি বনৰীয়া হতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও চৰকাৰ তথা বন বিভাগে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ ৭অক্টোবৰতো বন্য হস্তীৰ আক্ৰমনত নিশি লস্কৰ নামৰ লোক এজনৰ মৃত্যু হৈছিল৷ ৰাইজে চৰকাৰ তথা বনবিভাগৰ লোকক হাতীৰ জাকটোক বনাঞ্চলৈ খেদি পঠাবলৈ অনুৰোধ জনায়৷