23
Apr
2017

বালিপাৰাঃ শোণিতপুৰৰ বালিপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷ জিলা খনৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান অাৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে বিগত সময়ত বৃহত্তৰ চাৰিদুৱাৰ অঞ্চলৰ চাৰিদুৱাৰ, বালিপৰা, ভালুকপুং আদি অঞ্চলত উপদ্ৰৱ চলাই গঞা ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে ৷
জীৱন-সম্পত্তিৰ নিৰপত্তা নোহোৱাত বহু লোকে প্ৰাণ হেৰুৱাৱ লগীয়া হৈছে হাতীৰ আক্ৰমণত। ইয়াৰ মাজতে বিগত কিছুদিন ধৰি ২টা বনৰীয়া হাতীয়ে চাৰিদুৱাৰ অঞ্চলত উপদ্ৰৱ চলাই ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷
উক্ত হাতী দুটাই চাৰিদুৱাৰৰ নিউ কলনিৰ কমল বাচফৰ, অনুপ দাস, জিতেন গোস্বামী আৰু অনিল তালুকদাৰৰ ঘৰ, ভড়ালঘৰ ভাঙি চূৰমাৰ কৰাে। পিছত বন বিভাগৰ তৎপৰতাত উক্ত হাতী দুটা খেদি পঠাবলৈ সক্ষম হয়।