খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ পাহাৰৰ পৰা বনৰীয়া হাতী জাকে জাকে ওলাই আহি আতংকৰ সৃষ্টি কৰি অহাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰমাটিখোলাত এগৰাকী লোক হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়৷

শুকুৰবাৰৰ নিশা খেৰণি থানাৰ অন্তৰ্গত নিহাং গাঁও নিবাসী চাৰ-এট টেৰন আৰু তেওঁৰ বন্ধু এগৰাকীয়ে ঝুম খেতিৰ পৰা নিজৰ গৃহ অভিমুখে গৈ থকা অৱস্থাত বৰমাটিখোলাত বনৰীয়া হাতীৰ সৈতে মুখামুখি হয়৷ জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে দুয়োকে খেদি আক্ৰমণ কৰে৷

হাতীৰ আক্ৰমণৰ পৰা দুয়োগৰাকী লোকৰ প্ৰাণ ৰক্ষা পৰে যদিও টেৰণ গুৰুতৰভাৱে আহত হয় ৷ গুৰুতৰভাৱে আহত হৈ টেৰণ বোকা পানীত পৰি থাকে যদিও স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ খেৰণি চিকিৎসালয়ত ভৰ্তি কৰায়৷ আনহাতে খেৰণি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে টেৰনক ডিফুলৈ প্ৰেৰণ কৰে৷