
খেৰণিঃ বনজ সম্পদ ৰক্ষাৰ বাবে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতো পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাৱাইপুৰত এটা বনৰীয়া হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধিনৰ ২নং গোহা গাঁৱত গড়কাপ্তানী পথৰ দাতিত কুহিয়াঁৰ খেতিত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহ৷ খেৰণি বন বিভাগৰ লোক উপস্থিত হয়৷ ইতিমধ্যে মৃত হাতী পোৱালীটোৰ মৃ্ত্যুৰ কাৰন জানিব পৰা হোৱা নাই যদিও অসুস্থ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে৷
হাতী পোৱালীটোৰ পিছফালৰ বাওঁ ভৰিত আৰু নেজত থকা আঘাতৰ চিন প্ৰত্যক্ষ কৰি ঘটনাস্থলিত উপস্থিত হোৱা বিভাগটোৰ কৰ্মচাৰীয়ে হাতীটো আঘাতজনিত কাৰনত অসুস্থ হৈ মৃত্যু হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে৷ আনহাতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলায় অহা হাতীটো বুধবাৰে নিশা মৃত্যু হোৱা বুলি পশু চিকিৎসক আৰু বিভাগটোৱে প্ৰকাশ কৰে৷ মতা হাতীটো পোৱালী আৰু বয়স আনুমানিক ২-৩ বছৰ হব বুলি জানিবলৈ দিয়ে বন কৰ্মীয়ে৷ হাতীটোৰ মৰোণত্তৰ পৰীক্ষা কৰি উক্ত স্থানত পোতাৰ ব্যৱস্থা কৰিছে বিভাগটোয়ে৷